নিয়মীয়া বাৰ্তা, ৫ জুনঃ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ উদ্যোগত আজি কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বকো অঞ্চলৰ কোচ ৰাজবংশী জ্ঞাতী ছাত্ৰ-ছাত্ৰীক সম্বোৰ্ধনা জনায় সংগঠনটোৰ জৰিয়তে। ইফালে বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি জোন চৌধুৰী আৰু সাধাৰণ সম্পাদক নিপেন তালুকদাৰে জনোৱা মতে; বকো অঞ্চলৰ কোচ ৰাজবংশী জ্ঞাতীৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষাৰ্থীসকলক আজি সম্বোৰ্ধনা জনোৱা হয়। কোচ ৰাজবংশী জনগোষ্ঠীৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয়। আজিৰ সম্বৰ্ধনা অনুস্থানত উপস্থিত থাকে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়া; ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ দাস; কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি অনুপম দাস; গুৱাহাটী জিলা সমিতিৰ সম্পাদক দীপক কুমাৰ ৰয়; মহিলা সন্মিলনীৰ সম্পাদিকা জয়া দাসকে ধৰি বহুকেইজন বিশিষ্ট অতিথি। অনুস্থানত বহুসংখ্যক ছাত্ৰ-ছাত্ৰীক জাতীয় গামোচা; মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সন্মানিত কৰা হয়। সম্বোৰ্ধনা অনুস্থানৰ প্ৰাকক্ষণত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বকোৰ চিলাৰায় ভৱনৰ চৌহদত গছপুলি ৰোপণ কৰে ডিম্বেশ্বৰ দাসে। অনুস্থানত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে অনুপম দাসে। অনাদী পাটোৱাৰীয়ে আঁত ধৰা সম্বৰ্ধনা অনুস্থানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কোচ ৰাজবংশী যুৱ নেতা বিষ্ণু ৰাম দাসে।
প্ৰেৰক বিষ্ণু ৰাম দাস