নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্নিহাট সৰুটাৰীত চৰকাৰী ভূমিত অবৈধভাবে স্হাপন কৰা পূৰ্বাঞ্চল চিমেন্ট উদ্যোগটো আজি প্ৰশাসনে উচ্ছেদ কৰে ৷ জেচিবি, এস্কেভেটৰৰ জৰিয়তে এফালৰ পৰা ধ্বংস কৰে উদ্যোগটো ৷ ট্ৰাইবেল্ট বেল্ট ব্লকৰ অন্তৰ্গৰ প্ৰায় ৩০ বিঘাৰো অধিক চৰকাৰী ভূমি দখল কৰি অবৈধভাবে উদ্যোগটো স্হাপন কৰিছিল৷ এই বিয়টোৰ সন্দৰ্ভত পূৰ্বৰে পৰা বিভিন্ন দল সংগঠনে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছিল ৷ কেৱল পূৰ্বাঞ্চল চিমেন্ট উদ্যোগে নহয় সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত বনিক গোষ্ঠীয়ে অবৈধ ভূমি বেদখল কৰি উদ্যোগ স্থাপন কৰি আহিছে। এইক্ষেত্ৰত বিশেষকৈ সোণাপুৰৰ ট্ৰাইবেল ব্লক অঞ্চলৰ বহু ভূমি বনিক গোষ্ঠীয়ে অবৈধ বেদখল কৰি বিভিন্ন উদ্যোগ গঢি তোলাৰ অভিযোগ আছে৷ জনজাতীয় আবেষ্টনিৰ ভূমি অবৈধভাবে জালিয়াতিৰে বেদখল কৰি জধে মধে বনিক গোষ্ঠীয়ে গঢ়ি তুলিছে বৃহৎ বৃহৎ উদ্যোগ ৷ অসম ভূমি আৰু ৰাজহ আইন ১৮৮৬ অধ্যায়ৰ অধীনত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ ভূমি সুৰক্ষাৰ বাবে গঠিত ট্রাইবেল বেন্ট ব্লক এতিয়া ধোঁৱাচাঙত। কিন্ত শেহতীয়াকৈ পূৰ্বাঞ্চল চিমেন্ট উদ্যোগে চৰকাৰী ভূমি বে দখল কৰি বে আইনীভাবে স্হাপন কৰাৰ কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহন কৰিলে প্ৰশাসনে৷ আজি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰশাসনে পুৱাৰ পৰাই উদ্যোগটো উচ্ছেদ অভিযান চলায় ৷ জানিব পৰা মতে প্ৰায় ১৮ বছৰ ধৰি উদ্যোগটো তাত স্হাপিত কৰি চিমেন্ট প্ৰস্তুত কৰি আছিল৷ উদ্যোগটোৱে কৰা ভূমি জালিয়াতিৰ বিষয়টোৰ সন্দৰ্ভত পূৰ্বৰে পৰা প্ৰতিবাদ আন্দোলন কৰি আহিছিল বিভিন্ন দল সংগঠনে৷ কিন্তু কোনো সুফল লাভ কৰা নাছিল৷ অৱশেষত উচ্চ ন্যায়ালয়ে বিষয়টোৰ সন্দৰ্ভত অধিক গুৰুত্ব সহকাৰে লোৱাত আজি উচ্ছেদ কাৰ্য চলায় প্ৰশাসনে ৷ উচ্ছেদ অভিযানত কামৰূপ মহানগৰ প্ৰশাসনৰ লগতে উপস্হিত থাকে সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গোপাল চন্দ্ৰ শৰ্মাই ৷ উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্নিহাটৰ বিভিন্ন অঞ্চলটো ভূ মাফিয়াই ভূমি জালিয়াতি কৰি বহু ভূমি কিনা বেচা কৰি থকাৰ অভিযোগ পোৱা গৈছে৷ এইক্ষেএত চৰকাৰীৰ অবৈধ ভূমি দখল কৰাৰ বিৰুদ্ধে উচ্চেদ অভিযান চলোৱা হব বুলি সোণাপুৰ চক্ৰ বিষয়া গৰাকীয়ে জানিব দিয়ে ৷
প্ৰেৰক ৰমেশ দাস