নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত কেন্দ্ৰীয় কৰম সন্মিলন

🔹 মন্ত্ৰী সঞ্জয় কিষাণৰ ঝুমুৰৰ সুৰত মাদলত চাপৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
বিশেষ বাৰ্তা, ১ অক্টোবৰ : শনিবাৰে নিশা তিনিচুকীয়াৰ কেন্দ্ৰীয় কৰম সন্মিলনত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ পৰম্পৰাগতভাৱে কৰম পূজাত সেৱা গ্ৰহণ কৰাৰ লগতে ডিঙিত মাদল আঁৰি ল’লে ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাদলত চাপৰ মৰাৰ বিপৰীতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে জুৰিলে ঝুমুৰ ৷ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ ঝুমুৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাদলৰ চাপৰে চাপৰে  স্থানীয় বাগিচাৰ গাভৰুসকলে ঝুমুৰ নাচে ৷ পৰৱৰ্তী সময়ত সকলো জাতি-জনগোষ্ঠীক লগত লৈ কেন্দ্ৰীয় কৰম সন্মিলনভাগ আয়োজন কৰাৰ বাবে উদযাপন সমিতিৰ সভাপতি তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে চাহ শ্ৰমিক ৰাইজৰ কৰ্মক শ্ৰদ্ধা জ্ঞাপন কৰে আৰু সকলোলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱাৰ দৰে কৰ্মসংস্কৃতিৰ জৰিয়তে দেশখন আগুৱাই নিয়াত সহায়-সহযোগ কৰিবলৈ আহ্বান জনায় ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কিছু সময় কৰমত অংশগ্ৰহণ কৰি বিদায় লয় যদিও ওৰে নিশা ঝুমুৰ নাচি-বাগি আনন্দ উপভোগ কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ তথা স্থানীয় বাগিচাৰ ৰাইজে ৷ উল্লেখযোগ্য যে ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে উক্ত কেন্দ্ৰীয় কৰম সন্মিলনখনি আয়োজন কৰিছে। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে শনিবাৰে পুৱাৰ পৰা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণকে আদি কৰি বিভিন্ন কাৰ্যসূচী সমাপন কৰে ৷ তাৰ পাছতে নিশা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত হোৱাৰ লগে লগে এক আনুষ্ঠানিকতা সম্পন্ন কৰি সম্বৰ্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৷ সেই সময়ত উপস্থিত থাকে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই, জিলা আয়ুক্ত স্বপ্নীল পাল, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
প্ৰেৰক বিবেক বড়া
You might also like