🔹 নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাৰ
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি বাক্সা জিলা সত্ৰ মহাসভাৰ উদ্যোগত বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচীৰ পিছতে দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা৷ সত্ৰ মহাসভাৰ কেন্দ্ৰীয় উপ-সভাপতি প্ৰদীপ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী, ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সম্পাদক নৰেশ কলিতা, গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক অৱন কুমাৰ দত্ত, শৰৎ বৰকটকী, সত্য নাৰায়ণ কলিতা আদি মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ সভাত নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক অৱন কুমাৰ দত্ত আৰু সত্ৰ মহাসভাৰ বাক্সা জিলা সমিতিৰ সম্পাদক দ্বীজেন কুমাৰ কলিতাক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়৷ সভাৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে আনন্দ বজাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী দৰদী দৃষ্টি তালুকদাৰে৷
প্ৰেৰক লৱ কুমাৰ দাস