নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী কেন্দ্রীয় কাৰাগাৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা

নিয়মীয়া বাৰ্তা, ৫ জুনঃ ৰাজ্যখনত প্রতিদিনে ভয়ংকৰ ধৰণে দ্রুতগতিত বৃদ্ধি পাই আছে ক’ভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা৷ বৃহস্পতিবাৰ দিনটোতে ৰাজ্যখনত নতুনকৈ ২৮৫ গৰাকী লোকৰ দেহত ধৰা পৰিল ক’ভিড–১৯ৰ উপস্থিতি৷ এইসকল লোকৰ মাজত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ কাৰাবন্দী এজনৰ দেহতো ওলাল ক’ভিড–১৯ ৷

  অসমত এইটোৱেই প্রথম কাৰাবন্দী ক’ৰোনাত আক্রান্ত হোৱাৰ ঘটনা৷ যোৱা ১ জুনত দিছপুৰ আৰক্ষীয়ে চুৰি সম্পর্কীয় গোচৰত কেন্দ্রীয় কাৰাগাৰলৈ নিক্ষেপ কৰা জিণ্টু নাথ নামৰ লোকজনৰ দেহত  ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰে৷

যাৰ পাছতে শুকুৰবাৰে প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ চৌহদ ।

You might also like