নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত আছুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱৰ বৰ্ণিল শুভাৰম্ভ

বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ বিভিন্ন জাতি-জনজাতি, ধৰ্ম-বৰ্ণ, নিৰ্বিশেষে এক সম্প্ৰতি তথা এনাজৰীৰ চানেকিৰে, প্ৰতিকুল বতৰকো নেওচি ডিব্ৰুগড়ত আজি উলিওৱা হল এক বৰ্ণাঢ্য শোভাযাত্ৰা। এই বিশাল আটকধুনীয়া সাংস্কৃতিক শোভাযাত্ৰাই যেন বহন কৰিলে অসমীয়া জনজীৱনৰ বৰ্ণিল সমাহাৰ। ডিব্ৰুগড়ত আজিৰে পৰা সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড়বাসীৰ সহযোগত আৰম্ভ হোৱা ঐতিহাসিক কেন্দ্ৰীয় ৰঙালী উৎসৱৰ উপলক্ষে এনে বিশাল সাংস্কৃতিক শোভাযাত্ৰা চহৰখনৰ মাজেৰে বাহিৰ কৰা হয়। ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত এই ব’হাগী ক্ষেত্ৰ আজিৰে পৰা লোকে লোকাৰণ্য হৈ পৰিছে। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত দুটা হাতী সহ বিভিন্ন জনগোষ্ঠীয় কৃষ্টি- সংস্কৃতি, লোকাচাৰৰে মুখৰিত হৈ পৰিছিল ডিব্ৰুগড়ৰ সামগ্ৰিক পৰিৱেশ। এই শোভাযাত্ৰাত জেষ্ঠ তথা বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া, ৰবি শৰ্মা, মাধুৰিমা চৌধুৰী, অৰুণ হাজৰিকা, বিবেক বৰা, অভিনেত্ৰী ৰিছা চেত্ৰী, চেলেশ্ৰী বৈৰাগীসহ কেইবাজনো নবীন-প্ৰবীণ শিল্পী অভিনেতা তথা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে প্ৰমুখ্যে কৰি ভালেসংখ্যক বিশিষ্টলোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহন কৰে। শোভাযাত্ৰাৰ পূৰ্বে উদযাপন সমিতিৰ সভাপতি কিশোৰ বৰাই বিহুৰ পতাকা আৰু সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি তনুজ হালৈয়ে ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে। সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী উৎসৱত প্ৰদান কৰা হব তিনিটাকৈ বঁটা। ‘ডিব্ৰু সন্মান’ আগবঢ়োৱা হ’ব শিল্পী অনুৰাগ শইকীয়াক। শ্ৰেষ্ঠ হুঁচৰি দলক ‘শ্ৰীলুইত বঁটা’ আৰু শ্ৰেষ্ঠা বৰবিহুৱতীক ‘চৌকিডিঙী বৰবিহুৱতী’ সন্মান আগবঢ়োৱা হব। ২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া মুকলি সভা আৰু বঁটা বিতৰণী সভা উদ্বোধন কৰিব আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। উৎসৱৰ শেষৰ দিনা শিল্পী আচুৰ্য বৰপাত্ৰ আৰু দীপলিনা ডেকাৰ সাংস্কৃতিক সন্ধিয়াৰ বিপৰীতে অহা ১ মে’ত শিল্পী নীলোৎপল বৰা আৰু প্ৰবীণ বৰা আদিয়ে গীত পৰিবেশন কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।

প্ৰেৰক বিভাস দুৱৰা

You might also like