নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিখণ্ডতে আছে অসমৰ উজ্জ্বল ভৱিষ্যৎঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ ‘পথৰুঘাটৰ কৃষক বিদ্রোহ অকল অসমৰ বুকুতেই নহয়, ভাৰতবর্ষৰ বুকুৰ উল্লেখযোগ্য ঘটনা৷ ইংৰাজৰ খাজনা বৃদ্ধিৰ প্রতিবাদ কৰিবলৈ গৈ মৃত্যুক সাবটি ল’বলগীয়া হোৱা কৃষকসকলৰ লগত পথৰুঘাটৰ স্মৃতি বিজডিত হৈ আছে৷ কৃষকসকলৰ মহান
ত্যাগৰ বাবে আজি আমি স্বাধীন ৰাষ্ট্রত মর্যাদাসহকাৰে বসবাস কৰিবলৈ সক্ষম হৈছো৷  – কালি ৰাজ্য চৰকাৰৰ কৃষি বিভাগ আৰু দৰং জিলা প্রশাসনৰ উদ্যোগত, দৰঙী ৰাইজৰ সহযোগত ঐতিহাসিক পথৰুঘাটৰ ৰণত প্রাণ আহুতি দিয়া মহান বীৰ কৃষক শ্বহীদসকলৰ পৱিত্র স্মৃতিত আয়োজিত কৃষক শ্বহীদ দিৱসত ভাষণ দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷

মুখ্যমন্ত্রী সোণোৱালে কয় যে কৃষক শ্বহীদসকলৰ মহান ত্যাগ আৰু দেশপ্রেমৰ আদর্শক তুলি ধৰাৰ বাবে আৰু দেশী–বিদেশী পর্যটকসকলক আকর্ষিত কৰিব পৰাকৈ ৰাজ্য চৰকাৰে পথৰুঘাটত এক স্মৃতি ক্ষেত্র নির্মাণ কৰিব৷ মুখ্যমন্ত্রীয়ে এই অঞ্চলৰ কৃষকক আধুনিক কৃষি পদ্ধতিৰ সৈতে পৰিচয় কৰাই দিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা শাখা খোলাৰ দিশত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈও কৃষিমন্ত্রীগৰাকীক কয়৷

অসমৰ শক্তিশালী আৰু উজ্জ্বল ভৱিষ্যৎ কৃষিখণ্ডতে আছে বুলি উল্লেখ কৰি তেওঁ কয় যে কৃষিৰ জৰিয়তে আমি আত্মনির্ভৰশীল হ’ব লাগিব৷ আনহাতে, মুখ্যমন্ত্রীয়ে সংহত প্রশিক্ষণ আৰু দক্ষতা বিকাশ কেন্দ্র এটাও উদ্বোধন কৰে৷ কৃষক শ্বহীদ দিৱস উপলক্ষে আয়োজিত ৰাজহুৱা সভাত মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ কৃষি ক্ষেত্রলৈ অনন্য বৰঙণি যোগোৱা কৃষক আৰু কৃষি গোটক সম্বর্ধনা জ্ঞাপন কৰে৷

You might also like