নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ ককয়াত পুৰোহিত চক্ৰধৰ দেৱশৰ্মাৰ জন্মদিন পালন

বিশেষ বাৰ্তা, ১৯ জুলাইঃ জ্যেষ্ঠ নাগৰিক, বিশিষ্ট পুৰোহিত, জুনানামৰ প্ৰবীন শিল্পী চক্ৰধৰ দেৱশৰ্মাৰ ৮৫তম্ জন্মদিনটো আজি উলহ-মালহেৰে নলবাৰী জিলাৰ ককয়া গাঁৱৰ ঢকুৱাবান্ধা চুবুৰীৰ বাসগৃহত কেক কাটি, সম্বৰ্ধনাৰে উদযাপন কৰা হয়। পিপলিবাৰীৰ বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় জীৱন বীমা নিগমৰ অবসৰী বিষয়া প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত ওপজা দিনৰ সম্বৰ্ধনা অনুষ্ঠানত অসম প্ৰদেশ সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি অৰূপ ৰঞ্জন বৰ্মন, পিপলিবাৰী বজাৰ পৰিচালনা কমিটিৰ দুই বিষয়ববীয়া, সমাজকৰ্মী মৃণাল তালুকদাৰ, নিৰ্মল তালুকদাৰ, পিপলিবাৰী গাওঁ উন্নয়ন সমিতিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ন দাস, পিপলিবাৰী শিক্ষক সমাজৰ বিষয়ববীয়া, অবসৰী শিক্ষক সতীশ হালৈ,প্ৰমোদ ঠাকুৰীয়া,স্থানীয় অঞ্চলটোৰ গন্য মান্য ব্যক্তি, স্থানীয় সমাজকৰ্মী সতীশ মিশ্ৰ আদিকে ধৰি বিভিন্ন ব্যক্তি- সংগঠনে চক্ৰধৰ দেৱশৰ্মাক গামোছা,ফুলৰ থোপা, অভিনন্দন পত্ৰ, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনাই শৰ্মাৰ জীৱনৰ ওপৰত আলোকপাত কৰে। লগতে অনুষ্ঠানত সম্বৰ্ধিত দেৱশৰ্মাৰ জীৱন, কৃতিত্ব আৰু সান্নিধ্য লাভৰ স্মৃতি ৰোমন্থন কৰে। জোঁৱাই তথা বিশিষ্ট পুৰোহিত পংকজ শৰ্মাই আঁত ধৰা অনুষ্ঠানত অবসৰী শিক্ষক তপন কুমাৰ শৰ্মা, অৰবিন্দ শৰ্মা, বিজয়া দেবী, দীপক শৰ্মা, বিদ্যা ভাগৱতী, নিৰঞ্জন ভাগৱতীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানত জ্যেষ্ঠ পুৰোহিতগৰাকীয়ে বিভিন্ন লোকক আশীৰ্বাদ প্ৰদান কৰে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন।

You might also like