নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্নীতিৰ অভিযোগত চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰঃ তেলেগু দেশম পাৰ্টিৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰা হৈছে। টিডিপিয়ে এই সন্দৰ্ভত তথ্য দিছে। দুৰ্নীতিৰ গোচৰত আজি পুৱা নাইডুৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান বিভাগে ব্যৱস্থা গ্ৰহণ কৰে। ২০২১ চনত নাইডুৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। আৰ কে ফাংচন হলত অৱস্থিত নিজৰ ঘৰত জিৰণি লৈ থকা অৱস্থাত নন্দিয়ালৰ পৰা গ্ৰেপ্তাৰ কৰে নাইডুক। ডি আই জি ৰঘুৰামী ৰেড্ডী আৰু নন্দিয়াল ৰেঞ্জৰ চি আই ডিৰ নেতৃত্বত বিশাল আৰক্ষী বাহিনী আহিছিল তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ। সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰবাবু নাইডুৰ পুত্ৰ তথা টিডিপি নেতা নৰা লোকেশক পূৱ গোদাৱৰী জিলাত আৰক্ষীয়ে আটক কৰি ৰাখিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লোকেশৰ ভিডিঅ’টোও টিডিপিয়ে প্ৰকাশ কৰিছে, য’ত কোৱা হৈছে যে আৰক্ষীয়ে লোকেশক চন্দ্ৰবাবু নাইডুক লগ কৰিবলৈ যোৱাত বাধা দিছিল। চি আই ডি আৰু আৰক্ষীৰ দলে নাইডুক গ্ৰেপ্তাৰ কৰিবলৈ পুৱা ৩ বজাত উপস্থিত হৈছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ অধীনত নিয়োজিত বিশেষ নিৰাপত্তা বাহিনীয়ে তেওঁলোকক ৰখাই দিয়ে যে নিয়ম অনুসৰি ৫.৩০ বজাৰ আগতে কাকো নাইডুৰ কাষ চাপিবলৈ নিদিব। সেই সময়ত নাইডু নিজৰ কাৰাভান (বিশেষকৈ প্ৰস্তুত কৰা বাছ)ৰ ভিতৰত শুই আছিল। অৱশেষত পুৱা ৬ বজাত আৰক্ষীয়ে বাছখনৰ দুৱাৰত টোকৰ মাৰে আৰু নাইডুক গ্ৰেপ্তাৰ কৰা হয়। অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক দক্ষতা বিকাশ কেলেংকাৰিৰ প্ৰধান অভিযুক্ত চন্দ্ৰবাবু নাইডু। এই কেলেংকাৰীত শ শ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। নিবনুৱা যুৱক-যুৱতীসকলক তেওঁলোকৰ নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰি সবলীকৰণৰ উদ্দেশ্যেৰে ২০১৬ চনত টিডিপি চৰকাৰৰ কাৰ্যকালত এপিএছএছডিচি স্থাপন কৰা হৈছিল। অন্ধ্ৰ প্ৰদেশ চি ই ডিয়ে দাখিল কৰা এফ আই আৰৰ ভিত্তিত ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত সংঘটিত হোৱা কথিত কেলেংকাৰীৰ তদন্তও এনফৰ্চমেণ্ট সঞ্চালকালয়ে অব্যাহত ৰাখিছে। অভিযোগ কৰা হৈছে যে মেচাৰ্ছ ডিটিএছপিএল, ইয়াৰ পৰিচালক আদিয়ে এটা শ্বেল কোম্পানীৰ সহায়ত বহুস্তৰীয় লেনদেন কৰি চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছিল। জালিয়াতিৰ জৰিয়তে উলিয়ালে ৩৭০ কোটি টকা। গ্ৰেপ্তাৰৰ আশংকা প্ৰকাশ কৰিছিল নাইডুৱে। শেহতীয়াকৈ নাইডুৱে তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে আশংকা প্ৰকাশ কৰিছিল। ৬ ছেপ্টেম্বৰত অনন্তপুৰ জিলাৰ ৰাইদুৰগামত জনসাধাৰণক সম্বোধন কৰি টিডিপিপ্ৰধানগৰাকীয়ে কৈছিল, “আজি বা কাইলৈ ​​তেওঁলোকে (ৱাইএছআৰচিপি চৰকাৰে) মোক গ্ৰেপ্তাৰ কৰিব পাৰে। আনকি মোক আক্ৰমণ কৰিব পাৰে।”

You might also like