অসম চৰকাৰৰ স্বাস্থ্য বিভাগে স্বাস্থ্যক্ষেত্ৰত আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰিলেও একাংশ চিকিৎসালয়ৰ এচাম কাণ্ডজ্ঞানহীন কৰ্মচাৰীৰ কৰ্মকাণ্ডই ইয়াক লৈ পুনৰ ভবাই তুলিছে। এনে এখন চিকিৎসালয় হৈছে কামৰূপ জিলাৰ কমলপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়। চিকিৎসালয়খনৰ একাংশ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অতপালিত চিকিৎসালয়ত সৃষ্টি হৈছে অৰাজক পৰিস্থিতি। চিকিৎসালয়খনত কৰ্মৰত উপ-অধীক্ষকৰ কোনো কথাই নুশুনে একাংশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। কিবা ক’লেও ওলোটাই তেওঁকহে ধমক দিয়ে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। এগৰাকীয়ে আকৌ ৰাজনৈতিক প্ৰভুত্ব খটুৱাই মাহেকে-পষেকে নাহে চিকিৎসালয়লৈ।
ইফালে, পূৰ্বৰ পৰা বিয়লি ভাগত চলি থকা চিকিৎসালয়খনৰ ফাৰ্মাচীখন কোনো কাৰণ নোহোৱাকৈ বন্ধ কৰি দিয়া হৈছে। নিশাৰ ভাগত প্ৰৱেশ পথত নাই পৰ্যাপ্ত পৰিমাণৰ পোহৰৰ ব্যৱস্থা । যাৰ বাবে চিকিৎসালয়খনৰ চৌহদত নিশা হ’লে চলে মদৰ আড্ডাৰ লগতে কৰেক্সৰ বেহা। যাৰ ফলত নিশাৰ ভাগত চিকিৎসালয়খনলৈ অহা প্ৰতিগৰাকী ৰোগী আৰু ৰোগীৰ আত্মীয় যথেষ্ট অশ্বস্তিত পৰে। ইপিনে, চিকিৎসালয়ৰ চৌহদত নিৰ্মাণ কৰা কামৰূপ জিলাৰ ব্লাড বেংকৰ আন্ত:গাঁথনি কাৰ্যক্ষম নকৰাকৈয়ে এতিয়া জহি-খহি যোৱাৰ উপক্ৰম হৈছে । ২০২৩-২৪ বৰ্ষৰ আই অ’ চিয়ে চি এছ আৰ আঁচনিৰ অধীনত কেইবালাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিছিল এই ব্লাড বেংকৰ গৃহটি । আনহাতে, ৰোষ্টাৰ অনুসৰি চিকিৎসক তথা স্বাস্থ্যকৰ্মী চিকিৎসালয়খনত উপস্থিত নাথাকে- এই অভিযোগ সৰ্বজনবিদিত। এশ এবুৰি সমস্যাৰে জৰ্জৰিত এই চিকিৎসালয়খনৰ সকলো সমস্যা দূৰ কৰি এখন পূৰ্ণাংগ চিকিৎসালয় গঢ়ি তুলিবলৈ স্বাস্থ্যমন্ত্ৰীক দাবী জনাইছে কমলপুৰৰ ৰাইজে ।
নিয়মীয়া বাৰ্তা, কমলপুৰ, ১৯ ফেব্ৰুৱাৰী :