নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ চৰ-চাপৰিত চোৰাং গঁড় চিকাৰীক লৈ সষ্টম বনৰক্ষী 

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : আজি প্ৰায় এটা বছৰ ধৰি মাজুলীৰ বিভিন্ন চৰ-চাপৰিত গঁড়ৰ মুক্ত বিচৰণে সকলোকে আতংকিত কৰি তুলিছে ৷ ইতিমধ্যে মাজুলীৰ চৰচাপৰিত গঁড়ৰ আক্ৰমণৰ বলি হৈ পাঁচজনকৈ লোকে অকাল মৃত্যুক সাবটি ল’ব লগা হৈছে ৷ মাজুলীৰ কাৰেং, শিকলি চাপৰিকে আদি কৰি উজনিৰ পৰা নামনিলৈকে চাপৰিয়ে চাপৰিয়ে ঘূৰি ফুৰা গঁড়কেইটাক মাজুলীৰ পৰা খেদি পঠিওৱাত ব্যৰ্থ মাজুলীৰ বন বিভাগৰ টোপনি হৰিছে আন এটা বিষয়েহে ৷ বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মাজুলীৰ চৰ-চাপৰিত অচিনাক্ত লোকৰ প্ৰৱেশ ঘটিছে ৷ যাৰ বাবে ইতিমধ্যে গঁড়ৰ সুৰক্ষাৰ বাবে মাজুলী আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযান অব্যাহত আছে । চাপৰিত অচিনাক্ত লোকৰ চালচলন প্ৰত্যক্ষ কৰা বুলি তথ্য লাভ কৰিছে বন বিভাগৰ লোকে ৷ বৰ্তমান চোৰাং চিকাৰীৰ হাতৰ পৰা গঁড়কেইটাক ৰক্ষা কৰিবলৈ বন বিভাগৰ লোকসকলে বিভিন্ন চৰ-চাপৰিত টহলদাৰীৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । নিশাৰ ভাগত মহিলা বনকৰ্মীয়েও কমলাবাৰী অঞ্চলৰ চাপৰি এলেকাত পহৰাত নিয়োজিত হোৱা পৰিলক্ষিত হৈছে ৷ প্ৰকৃততে যদি সঁচাকৈয়ে মাজুলীত কোনো চোৰাং গঁড় চিকাৰী সোমাইছে, তেতিয়াহ’লে অসম গৌৰb এশিঙীয়া গঁড় সুৰক্ষিত কৰাত বিয়াগোম বন বিভাগক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ মাজুলীৰ সচেতন মহলে দাবী জনাইছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like