নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত ভূ-মাফিয়াই আৰক্ষী বিষয়াৰ মাটি দখলৰ অভিযোগ

🔹 আৰক্ষী বিষয়াৰ পৰিয়ালক প্ৰাণেমৰাৰ ভাবুকি

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী : বিলাসীপাৰাত ভূ-মাফিয়াই অলপো কেৰেপ নকৰে আৰক্ষী-প্ৰশাসনক। বিলাসীপাৰাত এইবাৰ মাটিৰ দালালিত নামিছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। দালালিত নামি প্ৰাণেমৰাৰ ভাবুকি আৰক্ষী বিষয়াৰ পৰিয়ালক। এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ আনন্দ নগৰত। গাঁওখনৰ ৩৮ নম্বৰ দাগৰ ১৬৬নং পট্টাৰ ভূমিক লৈ চৰম বিপদত পৰিছে এটা দম্পতী। অভিযোগ অনুসৰি, শিক্ষক চুলতান আলীৰ নেতৃত্বত গাঁওখনৰ এজন আৰক্ষী বিষয়াৰ পৰিয়ালক দিয়া হৈছে মৃত্যুৰ ভাবুকি।

দম্পতীটোৱে সংবাদ মাধ্যমত অভিযোগ কৰা মতে, তেওঁলোকৰ পট্টাৰ ভূমিত কাম কৰাত বাধা আৰোপ কৰিছে চুলতান আৰু তেওঁৰ দলটোৱে। কেৱল বাধা আৰোপেই নহয়, অভিযোগ মতে দম্পতীটোক প্ৰাণেমৰাৰো ভাবুকি প্ৰদান কৰিছে চুলতানে। ঘটনাক লৈ দম্পতীটো কাষ চাপিছে আদালতৰ। অভিযোগ দাখিল কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক। সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে দম্পতীটোৱে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like