নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ জোৰশিমলুত কামৰূপ জিলা আৰক্ষী অভিযান

১৩২ কুইন্টল চাউলৰ লগতে বিভিন্ন সা-সামগ্ৰী জব্দ

নিয়মীয়া বাৰ্তা,১৪ মেঃ কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ চলি থকাৰ সময়তে কামৰূপ জিলাৰ ছয়গাঁৱৰ জোৰশিমলুত কামৰূপ জিলা আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ১৩২ কুইন্টল অবৈধ চাউল জব্দ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আৰু ছয়গাঁও আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক পাৰ্থ প্ৰতিম গগৈৰ লগতে জোৰশিমলু আৰক্ষী চকীৰ আৰক্ষী বিষয়া জেকচন মুছাহাৰীৰ সহযোগত আৰক্ষী দলটোৱে বিশেষ খবৰৰ ভিত্তিত যোৱা নিশা ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত মধ্য জোৰশিমলুৰ আব্দুল কালাম নামৰ চোৰাং চাউল বেপাৰী জনৰ ঘৰত অভিযান চলায় । চোৰাং চাউল বেপাৰী আব্দুল কালাম পলাই যাবলৈ সক্ষম হয় যদিও তেওঁৰ গুদাম ঘৰৰ পৰা ১৩২ কুন্টইল চাউল আৰু চাউল জোখা দগাপাল্লাৰ লগতে বিভিন্ন সামগ্ৰী জব্দ কৰি ছয়গাঁও আৰক্ষী থানালৈ লৈ আহে । উক্ত চাউল খিনি চৰকাৰে দুখীয়া জনসাধাৰণৰ বাবে ৰূপায়ন কৰি থকা খাদ্য সুৰক্ষা আঁচনিৰ চাউল বুলি ধাৰণা কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে দক্ষিণ কামৰূপৰ চৰাঞ্চল সমূহত আব্দুল কালামৰ দৰে বহু চোৰাং বেপাৰীয়ে দীৰ্ঘ দিন ধৰি এইদৰে চৰকাৰী চাউলৰ অবৈধ ৰমৰমীয়া বেহা দীৰ্ঘ দীন ধৰি চলাই আহিছে । আৰক্ষীয়ে সময়ে সময়ে অভিযান চলোৱা পৰিলক্ষিত হয় যদিও প্ৰকৃতাৰ্থত এই চাউলৰ চোৰাং বেহা ৰোধ কৰাত সফল হ’ব পৰা নাই । এই চোৰাং চাউলৰ বেহা সৰবৰাহ কৰি থকা চক্ৰটো উৎখাট কৰিবলৈ আৰক্ষী সক্ষম হ’ব নে সেয়া সময়তহে হ’ব লক্ষণীয় ।

You might also like