নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুকুৰ বিষৰ ভাও জুৰি এইবাৰ এপল’ত ভর্তি আখিয়াৰ

অক্ষয় দক্ষ অভিনেতা

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ  স্বাস্থ্যৰ অৱস্থাৰ দোহাই দি নিতৌ নতুন ‘নাটক’ কৰিব ধৰিছে বঙাইগাঁৱৰ বহু বিতর্কিত ব্যৱসায়ী অক্ষয় চান্দ বৈদ ওৰফে আখিয়া চান্দে৷ অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড ৰূপে চর্চিত আখিয়া চান্দক এইবাৰ পৰিয়ালে আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালৰ পৰা স্থানান্তৰিত কৰে খ্রীষ্টানবস্তিৰ এপল’ হাস্পতাললৈ৷ বুকুত বিষ অনুভৱ কৰা বুলি আখিয়া চান্দে চিকিৎসকক জনোৱাৰ পাছতে মাৰোৱাৰী হাস্পতালৰ তৰফৰ পৰা বিতর্কিত ব্যৱসায়ীজনক ৰেফাৰ কৰা হয়৷ তাৰ পাছতে পৰিয়ালৰ লোকে আখিয়া চান্দক ভর্তি কৰায় এপল’ হাস্পতালত৷ জানিব পৰা মতে, মাৰোৱাৰী হাস্পতালত কার্ডি’লজী বিভাগ নথকা বাবেই চিকিৎসকে আখিয়া চান্দক ৰেফাৰ কৰে৷

উল্লেখ্য যে এই আখিয়া চান্দ হৈছে অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ প্রশ্ন কাকত ফাদিলৰ সৈতে নাম সাঙোৰ খাই পৰা বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী৷ প্রশ্নকাকত ফাদিলক কেন্দ্র কৰি সমগ্র ৰাজ্য তোলপাৰ লগাৰ সময়তে আখিয়া চান্দে আৰক্ষী আৰু তদন্তকাৰী সংস্থাৰ চকুত ধূলি দি আত্মগোপন কৰিছিল৷ কিন্তু পৰিত্রাণৰ কোনো উপায় নেদেখি ভৰিৰ বিষ আৰু বমি হোৱাৰ অজুহাত দেখুৱাই যোৱা সোমবাৰে আখিয়া চান্দে মাৰোৱাৰী হাস্পতালত ভর্তি হয়৷ আখিয়া চান্দৰ সন্ধান ওলোৱাৰ পাছতেই তৎপৰ হৈ পৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা৷ চিকিৎসালয়ৰ পৰা আখিয়া চান্দক কেতিয়া ৰিলিজ দিয়া হ’ব, সেয়া আগতীয়াকৈ জনাবলৈ মাৰোৱাৰী হাস্পতাল কর্তৃপক্ষলৈ অপৰাধ অনুসন্ধান শাখাই এখন পত্র প্রেৰণ কৰে৷ সেইমর্মে কালি পুৱাৰ ভাগত আখিয়া চান্দক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ কথা আছিল৷ কিন্তু চিকিৎসাধীন অৱস্থাতে কালি পুৱাৰ ভাগত স্নানাগাৰত পিছলি পৰা বুলি আখিয়া চান্দে চিকিৎসকক অৱগত কৰে৷ যাৰ পৰিপ্রেক্ষিতত আখিয়া চান্দক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া নহ’ল৷ কালি চিকিৎসকে সদৰী কৰা মতে, মূৰ ঘূৰাই পৰি যোৱাৰ ফলত বিতর্কিত ব্যৱসায়ীজনে ভৰি আৰু মূৰত কিছু দুখ পাইছিল৷ চিকিৎসালয়ৰ পৰা ৰিলিজ দিলেই আখিয়া চান্দক চি আই ডিয়ে গ্রেপ্তাৰ কৰাৰ পূর্ণ সম্ভাৱনা আছিল৷ ইয়াৰ বাবেই বিতর্কিত ব্যৱসায়ীজনে কালি মূৰ ঘূৰাই পৰি যোৱাৰ নাটক কৰা আৰু আজি বুকুৰ বিষৰ ভাও জোৰা বুলি ব্যাপক চর্চা হৈছিল৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– আখিয়া চান্দে যি ৰোগৰ বাবে মাৰোৱাৰী হাস্পতালত ভর্তি হৈছিল, তাৰ পৰা ইতিমধ্যে আৰোগ্য লাভ কৰা বুলি কালিয়েই চিকিৎসকে সদৰী কৰিছিল৷ একমাত্র চি আই ডিৰ গ্রেপ্তাৰৰ পৰা হাত সাৰি থাকিবলৈ আখিয়া চান্দে এনেদৰে বাৰম্বাৰ নাটক কৰি থকা বুলিও চর্চা হৈছে৷

You might also like