নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনো সাহিত্য সভাৰ অধিৱেশনতে অহা নাছিল ৰাষ্ট্ৰপতি… ভাষণত আৰু কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই

বিশেষ বাৰ্তা, ৪ মেঃ তামুলপুৰৰ কচুবাৰীত বড়ো সাহিত্য সভাৰ ৬১সংখ্যক বাৰ্ষিক অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনা মুকলি সভাত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে অংশগ্ৰহণ কৰি নিজৰ বহুমূলীয়া ভাষণ আগবঢ়ায়। ইয়াৰ পূৰ্বে, অধিৱেশনত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাৰ অধিৱেশনত ৰাষ্ট্ৰপতিগৰাকী অহা বাবে তেখেতক ধন্যবাদ জনায়। লগতে কয় যে ইয়াৰ পূৰ্বে কোনো এখন সাহিত্য সভাৰ অধিৱেশনতে অসম সন্তান ফখৰুদ্দিন আলী আহমেদৰ বাহিৰে দেশৰ আন কোনো ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰি পোৱা নাছিল। ৰাষ্ট্ৰপতি কোৱিন্দৰ উপস্থিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ভাষাৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰা অপৰিসীম গুৰুত্বৰ এক স্বাক্ষৰ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বড়ো ভাষা আৰু সাহিত্যৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে নিৰন্তৰভাৱে কাম কৰা আৰু অপৰিসীম অৱদান আগবঢ়োৱা বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি জয়চন্দ্ৰ হাগজেৰ, প্ৰথম সাধাৰণ সম্পাদক সোণাৰাম থাওচেনকে ধৰি অন্যান্য মহান নেতাসকলক স্মৰণ কৰে। অধিৱেশনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, ৰাষ্ট্ৰপতিৰ পত্নী সবিতা কোৱিন্দ, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ লগতে অন্যান্য বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like