নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো ভাষা-সংস্কৃতিৰ সৈতে মোৰ নতুন পৰিচয় নহয়ঃ ৰাষ্ট্ৰপতিয়ে ভাষণত নাম ল’লে বডোফা উপেন্দ্ৰ ব্ৰহ্ম, এছ কে বড়ো…

বিশেষ বাৰ্তা, ৪ মেঃ তামুলপুৰৰ কচুবাৰীত বড়ো সাহিত্য সভাৰ ৬১সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিলে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। নিজৰ ভাষণত তেখেতে সাহিত্য সভালৈ উছাহ ভাঙি অহা মানুহৰ সোত দেখি আচৰিত হোৱা কথা ব্যক্ত কৰে। ভাষা আৰু সাহিত্যই মানুহৰ অন্তৰক মিলাই বুলি কৈ বড়ো ভাষা আৰু সংস্কৃতিৰ সৈতে তেখেতৰ পৰিচয় নতুন নহয়, ৰাজ্যসভাৰ সাংসদ হোৱাৰ সময়ৰে পৰা তেওঁ বড়ো জাতি, ভাষাৰ কথা গ’ম পাই আহিছে বুলিও জনায়। বড়ো ভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কৰা নিজৰ কামৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্মক প্ৰশংসা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। একেদৰে প্ৰাক্তন বড়ো সাংসদ এছ কে বসুমতাৰীৰ কথা, বডোফা উপেন্দ্ৰ ব্ৰহ্মৰ নামো সোঁৱৰণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। তদুপৰি, বড়ো ভাষা-সংস্কৃতিৰ উত্তৰণৰ বাবে অৱদান আগবঢ়োৱা বিভিন্নজনৰ নাম তেখেতে নিজৰ ভাষণত উল্লেখ কৰাৰ চেষ্টা কৰে। উল্লেখনীয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ যি সামগ্ৰিক উন্নয়ণ আৰু বিকাশ হৈছে তাৰো প্ৰশংসা কৰে। লগতে অসমৰ মানুহৰ মৰমে তেখেতক বাৰে বাৰে অসমলৈ টানি আনে বুলিও কয়।

You might also like