বসন্তৰ বতৰাৰে ফুলিল কেতেকীঃ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান ডুবিৰ কেতেকী ফুল
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ৰঙালীৰ বতৰা হৈ অসমীয়াৰ মাজলৈ আহিল বসন্ত৷ আৰু সেই বসন্তৰ বতৰা লৈ বজালীত চৌদিশ আমোলমোলাই ফুলিছে কেতেকী ফুল৷ কেতেকী ফুলৰ দৃশ্য আৰু সুগন্ধিয়ে প্রাণচঞ্চল কৰি তুলিছে বজালীৰ ডুবিবাসীৰ মন–প্রাণ৷ বজালীৰ ঐতিহ্যমণ্ডিত ডুবি দেৱালয়ৰ কেতেকীবাৰীয়ে আন্দোলিত কৰিছে প্রতিগৰাকী স্থানীয় বাসিন্দাৰ মন–প্রাণ৷ ডুবিৰ এই সদ্য–প্রস্ফুটিত কেতেকীবাৰীৰ আছে এক ঐতিহ্য৷ উল্লেখ্য যে অসমৰ শৈৱ পীঠসমূহৰ ভিতৰত বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৱৰ্তী ডুবিস্থিত ঐতিহ্যমণ্ডিত শ্রীশ্রীপৰিহৰেশ্বৰ দেৱালয় এক অন্যতম প্রাচীন ধর্মানুষ্ঠান৷ এই দেৱালয় প্রতিষ্ঠাৰ সঠিক কাল নিৰূপণ কৰা কঠিন যদিও জনশ্রুতি অনুসৰি ৰজা ভাস্কৰ বর্মাৰ ৰাজত্ব কালতে প্রতিষ্ঠিত আৰু স্বর্গদেড শিৱসিংহই মাটি–বাৰী দান দিয়া ইতিহাসপ্রসিদ্ধ এই দেৱালয়খন স্থানীয়ভাৱে বুঢ়াগোসাঁইৰ থান হিচাপেও জনাজাত৷ বজালীৰ সদৰ পাঠশালাৰ পৰা মাত্র তিনি কিঃমিঃ দক্ষিণে ডুবি গাঁৱত অৱস্থিত এই ঐতিহ্যমণ্ডিত দেৱালয়খন, য’ত প্রতিদিনে ৰাজ্যখনৰ লগতে দেশৰ ভিন্ন প্রান্তৰ পৰাও ভক্ত, পর্যটক আহি ইয়াৰ দর্শন কৰে৷ এই দেৱালয়ত প্রতিদিনেই অনুষ্ঠিত হয় বিভিন্ন মাংগলিক অনুষ্ঠান৷ দেৱালয়খনৰ মূল মন্দিৰৰ পাছফালে আছে এখন কেতেকী ফুলৰ বাগিচা৷ এই বাগিচাখনক কেতেকীবৰী নামেৰে জনা যায়৷ প্রায় দুই বিঘা এলেকাজুৰি বিয়পি থকা কেতেকীবাৰীখনেই সম্ভৱতঃ অসম তথা ডত্তৰ–পূব ভাৰতৰ অন্যতম বৃহৎ কেতেকী ফুলৰ বাগিচা, য’ত ফুল ফুলাৰ বতৰত কেতেকী ফুলৰ দৃশ্য আৰু সুগন্ধিয়ে আমোলমোলাই তোলে সমগ্র দেৱালয় প্রাংগণ৷ দেশৰ বিভিন্ন প্রান্তত কেতেকী ফুলৰ গছ আছে যদিও সৰহসংখ্যক ফুলেই নুফুলে৷ কিন্তু ডুবি দেৱালয়ৰ কেতেকীবাৰী এইক্ষেত্রত অনন্য৷ কিয়নো ডুবিৰ কেতেকীবাৰীত থকা প্রায়সমূহ পৈণত কেতেকী ফুলেই ফুলি আহিছে৷ অৱশ্যে কোনো বছৰত ফুলৰ সংখ্যা হ্রাসো নোহোৱা নহয়৷ হয়তো বিভিন্ন পাৰিপার্শ্বিক কাৰণতে কেতিয়াবা কমসংখ্যক কেতেকীৰহে ফুল ফুলে৷ এইবেলি কিন্তু অইনবাৰৰ তুলনাত অধিকসংখ্যক ফুল ফুলিছে আৰু বসন্ত কালত এই কেতেকী ফুলৰ সুবাস–সৌন্দর্যই দেৱালয়খনৰ চৌহদৰ লগতে আমোলমোলাই তুলিছে ইয়াৰ পাৰিপার্শ্বিক পৰিৱেশ৷ ৰজাদিনীয়া ঐতিহ্যমণ্ডিত এই বৃহৎ কেতেকীবাৰীখন কিছুবছৰ ধৰি সংৰক্ষণৰ অভাৱত মৃত্যুৰ পিনে গতি কৰিবলৈ লৈছিল যদিও আপুৰুগীয়া কেতেকীবাৰীখনৰ প্ৰতিপালনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি দেৱালয় পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতাৰ চিন স্বৰূপে এই কেতেকী ফুল প্ৰদান কৰাৰ কথা সদৰি কৰে দেৱালয়খনৰ অন্যতম উদ্যোগতা ৰোহিনী শৰ্মা দলৈয়ে কয় – “কেতেকী ফুল আচলতে ফুল নহয় তেওঁ হ’ল সৰগৰ অপেশ্বৰী উৰ্বশী। তেও অভিশপ্ত হৈ ঐতিহ্যমণ্ডিত ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ত আছে। এই কেতেকী শিৱৰ দৰ্শনৰ বাবে প্ৰতি বছৰে শিৱৰাত্ৰি পুজাৰ নিশা ফুলে।আৰু এই ফুল যিয়ে লাভ কৰে তেওঁ সৌভাগ্যৱান বুলি কোৱা হয়।” উল্লেখ্য যে এই দুষ্প্রাপ্য কেতেকীবাৰীখন সংৰক্ষণৰ লগতে ইয়াৰ পৰিধি বিস্তাৰৰ ব্যৱস্থা কৰিলে দেৱালয়খনৰ সৌন্দর্যবর্ধনৰ লগতে আর্থিক দিশতো টনকিয়াল হোৱাৰ সুযোগ আছে৷ কিয়নো এই কেতেকী ফুলৰ পৰা বিভিন্ন প্রকাৰৰ সুগন্ধি, তেল আদি উৎপাদন কৰাৰ উপৰি ইয়াৰ পাতৰ পৰা অতি উৎকৃষ্টমানৰ ৰছী, কঠ, পাটী, ঢাৰি, বিচনী আদি তৈয়াৰ কৰিব পাৰি৷
প্ৰেৰক কল্যাণ কলিতা