নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলং আৰু ডিমা হাছাও জিলালৈ সৌৰচাকি কঢ়িয়াই নিয়া বাহনৰ ‘ফ্লেগ অৱ’ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ :  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱন চৌহদত আয়োজিত এক অনুষ্ঠানত আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰৰ ‘আৰ্ট অৱ লিভিং’ সংস্থাৰ শ্ৰীশ্ৰী ৰুৰেল ডেভলপমেণ্ট প্ৰগ্ৰাম ট্ৰাষ্টৰ দ্বাৰা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলালৈ ২ হাজাৰটা সৌৰচাকি কঢ়িয়াই নিয়া বাহনখন আনুষ্ঠানিকভাৱে ‘ফ্লেগ অৱ’ কৰি প্ৰেৰণ কৰে৷

উল্লেখ্য যে আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰে ‘লাইট এ হ’ম’ নামৰ এক প্ৰকল্পৰ অধীনত এই সৌৰ লাইটসমূহ প্ৰেৰণ কৰিছে৷ এই সৌৰচাকিসমূহ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ভিতৰুৱা জনজাতীয় গাঁৱত স্থাপন কৰা হ’ব৷ উচ্ছমান বিশিষ্ট তথা জলপ্ৰতিৰোধী এই সৌৰচাকিসমূহৰ সৈতে ম’বাইল ফোন চাৰ্জ কৰিব পৰা ব্যৱস্থাও সংলগ্ন হৈ আছে৷

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ২০১৩ চনত আৰম্ভ হোৱা ‘লাইট এ হ’ম’ প্ৰকল্পই দেশত বিস্তৃৰ্ণ অঞ্চলত জনসাধাৰণৰ জীৱন চুই যাবলৈ সক্ষম হৈছে৷ এই পদক্ষেপে দেশৰ ৭৬০ খন গাঁও সামৰি ৩ হাজাৰটা গৃহ বৰ্তমানলৈকে সামৰি লৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ ২৫ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে কাজিৰঙাত আয়োজন কৰা চিন্তন শিৱিৰত উপস্থিত থাকি শ্ৰীশ্ৰী ৰবিশংকৰে তেখেতৰ জ্ঞান আৰু প্ৰজ্ঞাৰে কেবিনেট মন্ত্ৰী তথা বিষয়াসকলক উদ্বুদ্ধ কৰিছিল৷ এই অনুষ্ঠানত যোগদান কৰাৰ পিছত আধ্যাত্মিক গুৰুগৰাকীয়ে ‘লাইট এ হ’ম’ কাৰ্যসূচীৰ অধীনত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলালৈ সৌৰচাকি প্ৰেৰণৰ কথা উল্লেখ কৰিছিল৷ ইতিমধ্যে ‘আৰ্ট অৱ লিভিং’ সংস্থাটোৰ জৰিয়তে ৰাজ্যৰ বহু কেইখন গাঁৱত এনে চাকি প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই কাৰ্যসূচীয়ে যাতে জনসাধাৰণৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰে সেই উদ্দেশ্যে আজি ফ্লেগ অফ কৰি¸ প্ৰতীকী অৰ্থত এই সামগ্ৰীসমূহ প্ৰেৰণ কৰা হৈছে৷ এই উদ্যোগৰ বাবে মুখ্যমন্ত্ৰীয়ে শ্ৰীশ্ৰী ৰবিশংকৰক অসমবাসীৰ হৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷

এই অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, ইউ জি ব্ৰহ্ম, সঞ্জয় কিষাণ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু শ্ৰীশ্ৰী ৰুৰেল ডেভলপমেণ্ট প্ৰগ্ৰাম ট্ৰাষ্টৰ সঞ্চালক মৌচুমী বৰপূজাৰীকে ধৰি ন্যাসৰ বহু কেইগৰাকী বিষয়া উপস্থিত থাকে৷

You might also like