বিশেষ বাৰ্তা, ১২ জানুৱাৰী : ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে চহা জীৱন৷ অসমীয়াৰ ভোগৰ উৎসৱ মাঘ বিহুলৈ মাজত মাথোঁ এদিন। গাঁৱে–চহৰে ভোগালীক আদৰাৰ উছাহ অসমীয়াৰ। ইয়াৰ মাজতে আজি পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভোগালী বিহুৰ উপহাৰ দিলে মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী অতুল বৰাই আজি পুৱাই মুখ্যমন্ত্ৰীগৰাকীক এটা বৰালি আৰু এটা চিতল মাছ উপহাৰস্বৰূপে আগবঢ়ায়। লগতে কৃষিমন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড০ শৰ্মালৈ আগন্তুক উৰুকা আৰু ভোগালী বিহুৰ আন্তৰিক ওলগ যাচে।
Prev Post
You might also like