নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একাংশ বিষয়াই মোক সংবাদ মাধ্যমত হেয় কৰিব বিচাৰিছে

মুখ্য সচিবৰ ফেচবুক পোষ্টক লৈ ৰহস্য

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ   অসম আৰক্ষীৰ এছআই নিযুক্তি কেলেংকাৰিত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ, কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ নাম সাঙোৰ খোৱাৰ পিছত ৰাজ্যত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ পিছতে প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে৷ মঙলবাৰে নিজৰ ফেচবুক পোষ্টত কুমাৰ সঞ্জয় কৃষ্ণই আক্ষেপেৰে কয়, ‘মোৰ কোনো ভুল অবিহনে মোৰ অনিষ্ট কৰিবলৈ বহুবাৰ অপবাদ জাপি দিয়া হৈছে৷ মোৰ ভাতৃ পৃথক বৃত্তিত থকা এজন প্রাপ্তবয়স্ক ব্যক্তি৷ তেওঁ যদি কিবা ভুল কৰিছে, তেনেহ’লে প্রমাণৰ ভিত্তিত আইনে নিজৰ মতে ব্যৱস্থা ল’ব৷ কিন্তু উদ্দেশ্যপ্রণোদিতভাৱে সংবাদ মাধ্যমত মোৰ নামটো বাৰম্বাৰ প্রকাশ, ফটো প্রচাৰ কৰি থকাটো সস্তীয়া কাৰবাৰ৷’ তেওঁ লগতে উল্লেখ কৰে, ‘মুখ্য সচিব হিচাপে মুখ্যমন্ত্রীৰ নির্দেশ অনুযায়ী চলি থকা স্বাধীন আৰু নিৰপেক্ষ তদন্তৰ প্রতি মই আৰম্ভণিৰে পৰা সমর্থন জনাই আহিছোঁ৷ মই বিশ্বাস কৰোঁ যে যিসকল দোষী তেওঁলোকে আইন অনুসৰি শাস্তি পাবই৷ কিন্তু মই জানিব পাৰিছোঁ যে কিছুসংখ্যক ব্যক্তিবিশেষ আৰু বিষয়াই মূল বিষয়ৰ তদন্ততকৈ সংবাদ মাধ্যমত মোৰ ফ’কাছ কৰাৰ বাবেহে অধিক চেষ্টা চলাই আছে৷ তেওঁলোকক ভগৱানে মংগল কৰক৷’ নিজ ভাতৃ অভিযুক্ত হোৱাৰ পিছত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আগবঢ়োৱা এই প্রতিক্রিয়াৰ লগতে কোন বিষয়ালৈ আঙুলি টোঁৱাইছে, তাক লৈও এতিয়া চর্চা আৰম্ভ হৈছে৷ উল্লেখ্য যে কুমাৰ সঞ্জয় কৃষ্ণ ৰাজ্যৰ মুখ্য সচিব হিচাপে নিযুক্ত হোৱাৰ পাছৰে পৰা দিছপুৰৰ এক বিশেষ আমোলা মহল তেওঁৰ বিৰুদ্ধে সক্রিয় হৈ পৰিছিল৷ এতিয়া মুখ্য সচিবৰ ভাতৃ এছ আই নিযুক্তি কেলেংকাৰিৰ তদন্তৰ আওতালৈ অহাৰ পিছত এই আমোলা লবীটোৱে মুখ্য সচিবগৰাকীৰ বিৰুদ্ধে সক্রিয় হৈ উঠা বুলি তেওঁৰ টুইটাৰৰ পৰা স্পষ্ট হৈ পৰিছে৷ কিন্তু মুখ্য সচিবগৰাকীয়ে নিজৰ পোষ্টটো কিছু সময় পিছতে ফেচবুক একাউণ্টৰ পৰা ৰহস্যজনকভাৱে ডিলিট কৰে৷ এনেদৰে পোষ্টটো ডিলিট কৰা কার্যই বিষয়টো অধিক ৰহস্যময় কৰি তুলিছে৷

You might also like