নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ নির্বাচনী গীত ‘বিহাৰ মা ই বা’ মুকলি

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ বিহাৰত এন ডি এৰ সফলতাক প্রকাশ কৰিবলৈ বিজেপিয়ে মুকলি কৰিছে এক ভোজপুৰী গীত৷ ‘বিহাৰ মা ই বা’ শীর্ষক এই গীতটোৰ জৰিয়তে এন ডি এৰ সফলতা আৰু নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে চলি থকা প্রচাৰৰ মোকাবিলা কৰিবলৈ বিজেপিয়ে প্রচেষ্টা চলাইছে৷

বিহাৰ মা ই বা অর্থাৎ বিহাৰত এইবোৰ হৈছে বুলি বিজেপি তথা নীতিশ কুমাৰ চৰকাৰৰ সাফল্যৰ জয়গান গোৱা হৈছে৷ স্মর্তব্য যে নির্বাচনৰ পূর্বে নেহা সিং ৰাথোড়ে ‘বিহাৰ মে কা বা’ অর্থাৎ বিহাৰত কি হৈছে শীর্ষক সংগীতটোৰে ইতিমধ্যে এন ডি এ তথা জেডি(ইউ)ক কঠোৰ সমালোচনা কৰিছে৷ গতিকে ইয়াৰ প্রত্যাহ্বান হিচাপে বিজেপিয়ে মুকলি কৰিছে বিহাৰ মা ই বা৷

স্মর্তব্য যে পূর্বে অভিনেতা মনোজ বাজপেয়ীয়ে মুম্বাইৰ ক্ষেত্রত মুকলি কৰিছিল ভোজপুৰী গীত ‘মুম্বাই মে কা বা’৷ ইয়াৰ নকল হিচাপে নেহা সিং ৰাথোড়ে বিহাৰত নির্বাচনৰ পূর্বে এই গীতটো গাই ৰাজ্যখনৰ জনসাধাৰণৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে৷ বিজেপিৰ শীর্ষ সংগীত মুকলিৰ পিছতে দলটোৰ আই টি চেলৰ মুৰব্বী মনন কৃষ্ণনে এয়া বিৰোধী পার্টীলৈ প্রত্যুত্তৰ বুলি উল্লেখ কৰিছে৷

You might also like