নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্রুতগতিত চলি আছে ‘গগণায়ন’ৰ প্রকল্পৰ কাম

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ ভাৰতৰ পৰা নভোচৰ প্রেৰণ কৰিবলগীয়া মহাকাশযান ‘গগণায়ন’ৰ প্রকল্পৰ কাম দ্রুত গতিত আগবাঢ়িছে৷ ইতিমধ্যে ৰাছিয়াই কেইবাগৰাকীও ভাৰতীয় মহাকাশচাৰীক প্রশিক্ষণ দি আছে৷

ইফালে, অতি জটিল চিকিৎসা প্রযুক্তি সন্দর্ভত ভাৰতক সহায় কৰি আছে ফ্রান্সে৷ শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ড০ কে শিৱানে ইণ্টাৰনেচনেল এষ্ট্র’নটিকেল কংগ্রেছ (আইএচি)ৰ বৈঠকত এই মন্তব্য কৰিছে৷ ভাৰতে ইতিমধ্যে ৰাছিয়া, ফ্রান্স, জাপান, আমেৰিকা আৰু ইজৰাইলৰ সৈতে মহাকাশ গৱেষণাত সহযোগিতা কৰিছে৷

You might also like