নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত নানাৰঙী অৰ্কিডৰ সমাহাৰ

জৈৱ বৈচিত্ৰৰে চহকী অৰ্কিড উদ্যান দীৰ্ঘম্যাদী কৰা এখন মহাবিদ্যালয়ৰ ভূমিকা কথাৰে

জোনাইৰ পৰা কৰবী দলেৰ বিশেষ প্ৰতিবেদন, ৩ মে’ : চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত নানাৰঙী অৰ্কিডৰ সমাহাৰ। পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে সিচঁৰতি হৈ থকা অৰ্কিড এবিধ চিত্তাকৰ্ষক মনোৰম ফুল। অৰ্কিডৰ ৰং আৰু গঠনৰ ভিন্নতা আন কোনো ফুলতে দেখিবলৈ পোৱা নাযায়। সেয়েহে আৰ্ন্তজাতিক ফুলৰ বজাৰত অৰ্কিডৰ ব্যৱসায়িক চাহিদা অত্যন্ত বেছি। ফুলৰ বাহিৰেও অৰ্কিডৰ আন কেতবোৰ অতি গুৰুত্ব পূৰ্ণ ব্যৱহাৰিক চাহিদা আছে।

অসম তথা উত্তৰ পূৰ্বাঞ্চল অৰ্কিডৰ ৰম্যভূমি। কেৱল উত্তৰ পূৰ্বাঞ্চলতেই আঠশৰো অধিক প্ৰজাতিৰ অৰ্কিড পোৱা যায়। কিন্তু অসমৰ জাতীয় ফুল নানাৰঙী অৰ্কিডসমূহ সংৰক্ষণৰ অভাৱত ক্ৰমান্নয়ে হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। অৰ্কিড সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বহুদিনৰ পৰাই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে উদ্যোগ গ্ৰহণ কৰি আহিছে। এইখন মহাবিদ্যালয়ৰ প্ৰচেষ্টাতেই ইতিমধ্যে গঠন হৈছে অৰ্কিড চ’চাইটি অফ আচামৰ। মহাবিদ্যালখনে নিজা উদ্যোগত গঢ়ি তুলিছে উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ সকলোবিলাক অৰ্কিড সংগ্ৰহ কৰি এটা অৰ্কিড হাউচ ।

এইটোও পঢ়ক – ভিন্ন পৰিচয়-ৰে ৪ ৰাজ্যত ১২ পুৰুষৰে বিবাহ

অৰ্কিড  সংৰক্ষণৰ ক্ষেত্ৰত মহাবিদ্যালয় খনে এই উদ্যোগ কেতিয়াৰে  পৰা কৰি আহিছে আৰু কেনেকৈ ?

মহাবিদ্যালয় খনৰ অধ্যক্ষ ড৹ ৰঞ্জিত শইকীয়াই  জানিবলৈ দিয়া মতে  চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰিয়ালে থলুৱা প্ৰজাতিৰ অৰ্কিড সমূহ সংৰক্ষণৰ কাৰণে ২০১৮ চনত অৰ্কিড ঘৰ নিৰ্মাণ কৰি অসমৰ বিভিন্ন প্ৰজাতিৰ থলুৱা  অৰ্কিড সমূহ সংৰক্ষণ কৰিবলৈ ব্যৱস্থা কৰে৷ অৱশ্যে ২০১২ চনৰ পৰাই অৰ্কিড সংৰক্ষণৰ কথা চিন্তা চৰ্চা কৰিছিল মহাবিদ্যালয় পৰিয়ালে৷ ২০১৮ চনত অসমৰ বিভিন্ন প্ৰান্তত থকা অৰ্কিড প্ৰেমীৰ সৈতে সংঘৱদ্ধ হৈ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় চৌহদত “অসম অৰ্কিড ছচাইটি” বা “অৰ্কিড চচাইটি অফ আচাম”  নামেৰে এক প্ৰকৃতি সংগঠনৰ জন্ম হয়৷ অৰ্থাৎ অৰ্কিড সংৰক্ষণৰ বাস্তৱ ৰূপ লৈছিল ২০১৮ চনত৷ তেতিয়াৰে পৰাই চিলাপথাৰ  বিজ্ঞান মহাবিদ্যালয় বাকৰিত  প্ৰতি বছৰে অসম অৰ্কিড ছচাইটিৰ উদ্যোগত আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে  উদযাপন কৰি আহিছে অৰ্কিড মহোৎসৱ। অসম অৰ্কিড ছচাইটিৰ অৰ্থাৎ প্ৰকৃতি সংগঠনৰ মুখ্য কাৰ্যালয় হৈছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়৷

মহাবিদ্যালয় খনত কিমান বিধ অৰ্কিড সংৰক্ষণ কৰিছে

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় খনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ১২০ বিধ থলুৱা অৰ্কিড আছে৷ বিশেষকৈ মহাবিদ্যালয় পৰিয়ালে থলুৱা প্ৰজাতিৰ অৰ্কিডৰ ওপৰত বেচিকৈ গুৰুত্ব প্ৰদান কৰিছে৷ উচ্চ প্ৰজাতি অৰ্কিড  আছে যদিও সেইয়া ভবিষ্যৎতৰ পৰিকল্পনাত আছে ৷ সেইয়েহে উচ্চপ্ৰজাতিৰ অৰ্কিড সমূহ সুন্দৰ ৰূপত আগবঢ়াব পৰা নাই৷  পৰবৰ্তী সময়ত থলুৱা প্ৰজাতিৰ অৰ্কিডৰ লগতে উচ্চপ্ৰজাতিৰ অৰ্কিডৰো সংৰক্ষণ কৰা হব বুলি কয় মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে৷

পিঅ’কে-ৰ বাসিন্দাক দীর্ঘদিনলৈ খাদ্য মজুতৰ নির্দেশ

বৰ্তমান সময়ত অৰ্কিডৰ প্ৰতি ভাবুকি

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জিত শইকীয়াই বৰ্তমান সময়ত অৰ্কিডৰ প্ৰতি ভাবুকি সন্দৰ্ভত কয়- ২০১৮ চনৰ আগত অৰ্কিড বুলি কলে সৰ্বসাধাৰণ ৰাইজৰ মাজত ইমান জনপ্ৰিয়তা  নাছিল৷  এতিয়া লক্ষ্য কৰিছো অৰ্কিড প্ৰেমী সকলে যেনেদৰে সংঘৱদ্ধ হব লাগিছিল  ঠিক তেনেদৰে হোৱা নাই৷ কিয়নো অৰ্কিড প্ৰেমী সকলৰ বাবেই অৰ্কিডৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে৷ থলুৱা অৰ্কিড প্ৰজাতি সমূহে প্ৰকৃতিৰ মাজত থাকিহে ভাল পায় ৷ এই থলুৱা প্ৰজাতিৰ অৰ্কিডৰ প্ৰতি আমাৰ জনসাধাৰণ ইমানেই আকৃষ্ট হৈছে তেওলোকে কোনোধৰণৰ বাদ বিচাৰ নকৰাকৈ যধেমধে বা যিকোনো ঠাইৰ পৰা অৰ্কিড সমূহ পুলিয়ে পোখাই উঘালি আনি তেওলোকে নিজঘৰত সংস্থাপন কৰিব বিচাৰে এইটো এক অৰ্থত অৰ্কিডৰ প্ৰতি মানুহৰ ভাল পোৱা  আৰম্ভ হৈছে৷ কিন্তু প্ৰকৃতি ধ্বংস কৰি সংৰক্ষণ কৰাটো আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা থলুৱা অৰ্কিড সমূহ নিঃশেষ হৈ যাব৷ উদাহৰণস্বৰূপে ধেমাজি জিলা তথা জোনাই সমজিলা অন্তৰ্গত একমাত্ৰ পবা সংৰক্ষিত বনাঞ্চলত থলুৱা প্ৰজাতিৰ অৰ্কিডৰ বাবে সমৃদ্ধিশালী৷ ২০১০ চনত অধ্যক্ষ গৰাকীয়ে পবা বনাঞ্চলৰ ভিতৰত নিজেই গবেষণা কৰিবলৈ সুবিধা লাভ কৰিছিল৷ তেতিয়া পবা বনাঞ্চলত যথেষ্ট অৰ্কিড আছিল৷ কিন্তু এতিয়া বিভিন্ন সংবাদমাধ্যম তথা কাকতত প্ৰকাশ কৰা তথ্য অনুসৰি বহু থলুৱা অৰ্কিড ইতিমধ্যে লুপ্ত হৈছে৷  মানুহে পবা বনাঞ্চলৰ পৰা বস্তাই বস্তাই অৰ্কিড লৈ যোৱাৰ  ফলত  নি:শেষ হৈ যোৱাৰ উপক্ৰম হৈছে ৷ ইয়াতে প্ৰমাণ মানুহৰ এফালে অৰ্কিডক ভাল পোৱা নিৰ্দশন আনফালে মানুহৰ বেপাৰ বানিজ্য  তথা  নিজ ঘৰত ৰোপনৰ উদ্দেশ্যত অৰ্কিডৰ ধ্বংস ৷ মানুহে যধে মধে সংৰক্ষণ কৰাৰ ফলত অৰ্কিডৰ প্ৰতি ভাকুকি আহিছে সেইয়া ধ্ৰুৱ সত্য৷ইয়াৰ উপৰিও বিস্তৃত হাৰত অৰ্কিডৰ চোৰাং বেহাইও অৰ্কিডৰ বিলুপ্তিত ইন্ধন যোগাইছে।

অৰ্কিড সংৰক্ষণৰ বিষয়ে কি কলে অধ্যক্ষগৰাকীয়ে

অৰ্কিড অসম তথা অসমীয়াৰ জাতীয় ফুল৷ অৰ্কিড  আমাৰ সম্পদ৷  অৰ্কিডৰ বসতি হৈছে  উত্তৰ পূৰ্বাঞ্চল তথা অসম৷ প্ৰদূষিত অঞ্চলত অৰ্কিড নাথাকে৷ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বিশেষকৈ ধেমাজি জিলাত অৰ্কিড সমৃদ্ধিশালী হৈ আছে৷  ইয়াতেই প্ৰমাণ যে আমাৰ অসমৰ ধেমাজি জিলাখন এতিয়া কিছু পৰিমাণে হলেও প্ৰদূষণ মুক্ত হয় আছে৷  সেইয়ে জৈৱ বৈচিত্ৰ চহকী অৰ্কিড সমূহ সংৰক্ষণ কৰিব লাগিব আমি প্ৰতিজন মানুহে৷ ইয়াৰ উপৰিও মহাবিদ্যালয় চৌহদৰ ভিতৰত থকা গছ গছনি সমূহত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰকটিয়ে বাস সাজি এক দৃষ্টি নন্দন পৰিবেশৰ সৃষ্টি কৰিছে৷ আনহাতে মহাবিদ্যালয় খনৰ ছাত্র ছাত্ৰী তথা অধ্যাপক অধ্যাপিকাৰ প্ৰচেষ্টাত ধেমাজি জিলা উৎপাদিত বিভিন্ন প্ৰজাতিৰ প্ৰায় ২৫১ বিধ ধানৰ নমুণা সংৰক্ষণ ব্যৱস্থা কৰি ৰাখিছে৷

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত ছাত্র ছাত্ৰীৰ বাবে: কি কি সুবিধা আছে::

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়য়ে ছাত্ৰ ছাত্ৰী সুবিধাৰ্থে আছে ধ্যান আৰু ব্যক্তিত্ব বিকাশ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মানসিক শক্তি, স্থিতিশীলতা গঢ়ি তোলা আৰু  দায়িত্বশীল নাগৰিক হিচাপে প্ৰস্তুতি চলোৱা, বন্য অৰ্কিডৰ সংৰক্ষণ, প্ৰসাৰ, পুনৰোদ্ধাৰ, হাইব্ৰিড অৰ্কিডৰ উৎপাদন আৰু বিক্ৰী, মীন পালন আৰু প্ৰশিক্ষণৰ ফিচাৰী, গুণগত মানৰ কেচুসাৰ উৎপাদন প্ৰশিক্ষণ সহ বিক্ৰী, মহিলা সবলীকৰণৰ বাবে কাটিং আৰু টেইলাৰিং প্ৰশিক্ষণ আৰু বিক্ৰী, কাঠফুলা খেতি আৰু প্ৰশিক্ষণেৰে বাণিজ্যিক উৎপাদন বৃদ্ধি কৰি  যুৱ প্ৰজন্মক শিক্ষাৰ লগতে স্বাৱলম্বী কৰি মানৱ সম্পদ গঢ়াই মহাবিদ্যালয় খনৰ এক অবিৰত প্ৰচেষ্টা৷

You might also like