অসমত উদ্বেগজনকভাৱে বৃদ্ধি বাল্যবিবাহ: অজন্তা নেওগৰ তথ্য
নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা৷ ২০১৬–১৭ত ৭৪টা, ২০১৭–১৮ত ৪৪৮টা, ২০১৮–১৯ত ৭৫৯টা, ২০১৯–২০ত ১,০৮৯টা আৰু ২০২০–২১ত ৮২২টা বাল্যবিবাহৰ ঘটনা সংঘটিত হৈছে৷
মঙলবাৰে সদনত বিধায়ক আশ্রাফুল হুছেইনৰ এক লিখিত প্রশ্ণৰ উত্তৰত সমাজ কল্যাণমন্ত্রী অজন্তা নেওগে সেই কথা প্রকাশ কৰে৷ অসমৰ ৩৩খন জিলাৰ শিশু কল্যাণ সমিতিৰ তথ্যৰ আধাৰত মন্ত্রী নেওগে কয় যে বাল্য বিবাহ ৰোধৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ দুখীয়া পৰিয়ালৰ কন্যা শিশুসকল যাতে বাল্য বিবাহত আবদ্ধ নহয়, তাক সুনিশ্চিত কৰিবলৈ বাল্যবিবাহ নিষেধাজ্ঞা আইন ২০০৬ৰ অধীনত প্রত্যেক জিলাত একোজনকৈ চাইল্ড মেৰিয়েজ প্রহিবিচন অফিচাৰ হিচাপে জিলা শিশু সুৰক্ষা বিষয়াক নিয়োগ কৰা হৈছে৷ আইনখনৰ বিভিন্ন বাধ্য–বাধকতাসমূহ জনসাধাৰণৰ মাজত সম্প্রচাৰ কৰিবলৈ সজাগতা সভা, আলোচনা চক্র, প্রচাৰ পুস্তিকাৰ উপৰি বৈদ্যুতিন মাধ্যম আৰু ছপা মাধ্যমৰ দ্বাৰা প্রচাৰ কার্য কৰি থকা হৈছে৷
অসমৰ প্রতিখন গাঁও আৰু চহৰ অঞ্চলৰ লগতে চৰ–চাপৰি অঞ্চলতো শিশুৰ ন্যায় বিচাৰ আইন ২০১৫ৰ অধীনত গাঁও শিশু সুৰক্ষা সমিতি গঠন কৰি থকা হৈছে৷ এই সমিতিসমূহ গঠন কৰি কন্যা শিশুৰ সবলীকৰণ আৰু বাল্যবিবাহ ৰোধৰ বাবে তথ্যভিত্তিক পর্যবেক্ষণৰ দায়িত্ব জিলা শিশু সুৰক্ষা গোটসমূহক দিয়া হৈছে৷ এইক্ষেত্রত চাইল্ড মেৰিয়েজ প্রহিবিচন অফিচাৰজনে বিশেষ দায়িত্ব পালন কৰি আহিছে৷
আনহাতে, কালি সদনৰ প্রশ্নোত্তৰ কালত সমাজ কল্যাণমন্ত্রী নেওগে কয় যে অসমত মুঠ ২৩০টা সংহত শিশু উন্নয়ন প্রকল্প আছে৷ ইয়াৰে ১৮৪টা প্রকল্পই ভাৰাঘৰত চলি আছে৷ সেইদৰে বর্তমান ৮৪টা চি ডি পি অ’ৰ পদ খালী হৈ আছে৷ ইয়াৰে ৭৩টা পদ পূৰণৰ বাবে অসম লোকসেৱা আয়োগৰ জৰিয়তে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে৷