নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিলঙৰ বজাৰত বোমা বিস্ফোৰণ; মহিলাসহ আহত ২

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ প্রধান ব্যৱসায়িক কেন্দ্রত মঙলবাৰে বিয়লি মৃদু বিস্ফোৰণ ঘটে৷ এই বিস্ফোৰণত মহিলাসহ দুই লোক আহত হয়৷ ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ চাৰি দিন পূর্বে ৰাজধানী চহৰখনত বিস্ফোৰণত আহত দুই ব্যক্তিক ততালিকে ওচৰৰ নাজাৰেথ হাস্পতালত ভর্তি কৰোৱা হয়৷

মেঘালয় আৰক্ষীয়ে প্রকাশ কৰা মতে, শ্বিলঙৰ ব্যস্ত লাইটুমখ্রাহ বজাৰৰ চাহ দোকানৰ পার্কিং স্থানত দিনৰ ১.৩০ বজাত আই ই ডিৰ বিস্ফোৰণ ঘটে৷ এই মৃদু বিস্ফোৰণত দুই ব্যক্তি সামান্য আঘাতপ্রাপ্ত হয়৷ চাহ দোকানৰ বেৰ আৰু গ্লাছৰ খিৰিকীৰ ক্ষতিসাধন হৈছে৷ বিস্ফোৰণৰ পিছতেই ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ নিৰাপত্তা বাহিনীৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটি পর্যবেক্ষণ কৰে৷

লক্ষণীয় যে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ সংগঠন এইচ এন এল চিয়ে৷

You might also like