নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত আলোকৰ সন্ধানত কণ কণ শিশুৰ বিপদসংকুল যাত্ৰা

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : এফালে মনত শিক্ষাগ্ৰহণৰ দুৰন্ত হেঁপাহ। আনফালে বিদ্যালয়লৈ যাবলৈ বিপদসংকুল যাত্ৰা। তথাপি পিঠিত কিতাপৰ বেগ লৈ ভৱিষ্যত গঢ়াৰ সপোন লৈ টুলুঙা নাৱেৰে পানীৰ মাজেৰে যাত্ৰা কৰি প্ৰতিদিনে বিদ্যালয়ত উপস্থিত হয় এজাক শিশু। উদ্দেশ্য এটাই- পঢ়ি-শুনি এজন ভাল মানুহ হোৱা। ৰাজ্যত উন্নয়নৰ নৈ বোৱাই দিয়া বুলি দাবী কৰা বিজেপি চৰকাৰৰ দিনত আলোকৰ সন্ধানত আজিও যুঁজ দি আছে ৰাজ্যৰ একাংশ শিক্ষাৰ্থীয়ে।ঢকুৱাখনা সমষ্টিৰ বৰ্ষামুখ পঞ্চায়তত এতিয়াও সুলভ এনে বহু দৃশ্য। পঞ্চায়তটোৰ নামনি বৰ্ষামুখ, গৰৈমাৰী আদি অঞ্চলত মাত্ৰ এখন টুলুঙা নাৱেৰে নিজৰ জীৱন বিপদাপন্ন কৰি বিদ্যালয়লৈ নিতৌ অহা-যোৱা কৰে কণ কণ শিক্ষাৰ্থীসকলে। ঘিলামৰা উন্নয়ন খণ্ডৰ অধীনস্থ অঞ্চলটোৰ শতাধিক শিশুৱে মৰা সোৱণশিৰি নৈৰ গৰৈমাৰী-মাজৰ চাপৰি পাৰঘাটত জীৱনটো হাতৰ মুঠিত লৈ জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ যায় বিদ্যালয়লৈ। মৰা সোৱণশিৰি নৈৰ ওপৰত দলঙৰ অভাৱত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজৰ একমাত্ৰ সাৰথি হৈছে এই টুলুঙা নাও। এই টুলুঙা নাৱেৰে বছৰ বছৰ ধৰি বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে। শিক্ষাগ্ৰহণৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক নিজেই টুলুঙা নাও বাই উপস্থিত হয়হি গৰৈমাৰী প্ৰাথমিক বিদ্যালয়ত। এই টুলুঙা নাওখনেৰেই বছৰ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে । মৰণত শৰণ দি জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছে এই কণ কণ ছাত্ৰ-ছাত্ৰীসকলে । টুলুঙা নাৱেৰে নৈ পাৰ হোৱাৰ সময়তে সংঘটিত হ’ব পাৰে ভয়ানক দুৰ্ঘটনা। গভীৰ পানী থকা নৈখন এনেদৰে টুলুঙা নাৱেৰে পাৰ হ’বলগীয়া হোৱাত প্ৰতিমুহূৰ্ততে ভয়-শংকাৰে সময় পাৰ কৰিবলগীয়া হয় অভিভাৱকসকলে। উল্লেখ্য যে গৰৈমাৰী-মাজৰ চাপৰি পাৰঘাটত মৰা সোৱণশিৰি নৈৰ ওপৰত এখন দলঙৰ বাবে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যদিও কোনো কাণসাৰ নাই স্থানীয় বিধায়ক নৱ কুমাৰ দলে কিম্বা চৰকাৰৰ। অঞ্চলবাসীৰ কাষ চাপি নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণৰ ভুৱা প্ৰতিশ্ৰুতি ঠিকেই দিয়ে, কিন্তু কাৰ্যক্ষেত্ৰত পৰিণত নহয় প্ৰতিশ্ৰুতি। সেয়েহে সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like