নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত জি–২০ সন্মিলন

আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব জি–২০ৰ শীর্ষ সন্মিলন৷ সন্মিলনত বিশ্বৰ ঊনৈশখন ৰাষ্ট্রৰ মুৰব্বীৰ লগতে ইউৰোপীয় ইডনিয়নৰ সদস্য ৰাষ্ট্রৰ প্রধানসকলে ভাগ ল’ব৷ অৱশ্যে জি–২০ত ইডৰোপীয় ইডনিয়নৰ কেইবাখনো ৰাষ্ট্র সদস্য হিচাপে আছে৷ কেউখন ৰাষ্ট্র বিশ্বৰ অন্যতম বৃহৎ আর্থিক মহাশক্তি৷ জি–২০ত জি–৭ৰ কেউখন সদস্য ৰাষ্ট্র অংশীদাৰ হৈ আছে৷ পুৰণি ব্রিকছৰো ৰাষ্ট্রকেইখন সদস্য হৈ আছে৷ বিশ্বৰ প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, পঞ্চমকে ধৰি কেউখন শীর্ষৰ আর্থিক মহাশক্তিও একেলগে আছে৷ সন্দেহ নাই, জি–২০ বিশ্বৰ এখন শক্তিশালী মঞ্চ৷ এক কথাত ক’বলৈ গ’লে, জি–২০ৰ সমকক্ষ দ্বিতীয়খন আন্তর্জাতিক মঞ্চ আজিৰ বিশ্বত নাই৷ আনকি ৰাষ্ট্রসংঘও জি–২০ৰ সন্মুখত অনুজ্জ্বল বুলি ক’ব পাৰি৷ যুদ্ধকে ধৰি বিভিন্ন ক্ষেত্রত দুর্বল ভূমিকাৰ বাবে ৰাষ্ট্রসংঘৰ গুৰুত্ব আৰু গৰিমা আজি বিশ্বত ভালেখিনি ম্লান হৈ পৰিছে৷ ইয়াৰ বিপৰীতে বিশ্বৰ আর্থিক আৰু সামৰিক মহাশক্তিসমূহ একত্র হৈ থকা জি–২০ৰ পৰা বিশ্ব নেতৃত্বই বহুখিনি আশা কৰে৷ বিশেষকৈ আর্থিক সংকটত ভুগি থকা বিশ্বখনে জি–২০ৰ পৰা ইয়াৰ সমাধানৰ পথ আশা কৰি থাকে৷ জি–২০ৰ মঞ্চত নির্ণয় আৰু নির্ধাৰণ হোৱা বিষয়সমূহে বিশ্ব অর্থনীতি তথা ৰাজনীতিৰ দিশ আৰু দশা নির্ণয় কৰিবলৈও সক্ষম৷ এনে এখন মঞ্চৰ অধ্যক্ষতা কৰিব পৰাটো ভাৰতৰ বাবে গৌৰৱৰ কথা৷ ইয়ে বিশ্ব মঞ্চত গুৰুত্ব আৰু প্রভাৱকো প্রতিনিধিত্ব কৰে৷ জি–২০ৰ জৰিয়তে ভাৰতে আজি বিশ্বৰ বিভিন্ন সমস্যা আৰু গুৰুত্বপূর্ণ বিষয়ৰ এজেণ্ডা নির্ধাৰণ কৰিবলৈ সক্ষম হৈছে৷বিশ্বগুৰু হোৱাৰ স্বপ্ণ বুকুত কঢ়িয়াই ফুৰা ভাৰতে ইয়াৰ জৰিয়তে বিশ্বখনক নেতৃত্ব দিয়াৰ বিৰল সুযোগ লাভ কৰিছে৷ এক কথাত ক’বলৈ গ’লে, জি–২০ৰ শীর্ষ সন্মিলন তথা জি–২০ৰ অধ্যক্ষতা বিশ্বক নেতৃত্ব দিয়াৰ ক্ষেত্রত ভাৰতৰ সক্ষমতাৰ এটা কঠিন পৰীক্ষা৷ এতিয়ালৈকে দেশখনত জি–২০ৰ অধীনত অনুষ্ঠিত বৈঠকসমূহে ভাৰতৰ নেতৃত্ব দিব পৰা বিচক্ষণতাক ভালদৰেই প্রতিপন্ন কৰিছে৷ অৱশ্যে জি–২০ৰ বিত্তমন্ত্রী আৰু বৈদেশিক মন্ত্রীৰ বৈঠক দুখন ভাৰতৰ বাবে সুখকৰ নহ’ল৷ তাত সর্বসন্মত সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল৷ এইটো ভাৰতৰ বাবে কূটনৈতিক ব্যর্থতা হিচাপে চিহ্ণিত হৈ ৰ’ল৷ ভাৰতৰ অধ্যক্ষতাত অৱশ্যে জি–২০ৰ বৈঠক আৰম্ভ হোৱাৰ পূর্বেই এটা অনুমান কৰা হৈছিল যে সন্মিলনখন ভাৰতৰ বাবে সহজ নহ’ব৷ ৰাছিয়া–ইডক্রেইন যুদ্ধত পশ্চিমীয়া ৰাষ্ট্রসমূহৰ স্থিতি ভাৰতৰ সৈতে ভিন্ন৷ আমেৰিকা, ইউৰোপৰ ৰাষ্ট্রসমূহৰ বাবে এতিয়াৰ বিশ্বখনৰ একমাত্র দায়িত্ব আৰু কর্তব্যটো হৈছে ইডক্রেইনক সহায় আৰু সমর্থন যোগোৱা৷ ভাৰতৰ স্থিতি ইয়াৰ সম্পূর্ণ বিপৰীত৷ ইয়াৰ বাবে পশ্চিমীয়া ৰাষ্ট্রৰ সৈতে ভাৰতৰ মুকলি সংঘাতো হৈছে৷ ভাৰতত বিত্তমন্ত্রী আৰু বৈদেশিক মন্ত্রীৰ বৈঠক কার্যতঃ সফল নোহোৱাৰ কাৰণ এইটোও৷ পশ্চিমীয়া ৰাষ্ট্রৰ মতে বৈঠকৰ পূর্বে ৰাছিয়াক গৰিহণা দিয়াক লৈ বা ৰাছিয়াৰ ভূমিকাক লৈ অধ্যক্ষ ভাৰতে প্রস্তুত কৰা খচৰা আছিল তেনেই দুর্বল৷ সেয়ে সর্বসন্মত সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল৷
ভাৰতে জি–২০ৰ অধ্যক্ষতা লাভৰে পৰা বিশ্বজুৰি এটা আশাৰ সঞ্চাৰ হৈছিল যে অধ্যক্ষ ৰাষ্ট্রখনে ৰাছিয়া–ইউক্রেইন সংকটৰ অৱসান ঘটাব পাৰিব৷ এতিয়ালৈকে কার্যতঃ সেয়া নঘটিল৷ তথাপি আশা কৰা হৈছিল, ৰাষ্ট্রপতি পুটিনে শীর্ষ সন্মিলনখনত অংশগ্রহণ কৰিব৷ তেওঁ বিগত বর্ষৰ এছ চি অ’ সন্মিলনত ভাগ লৈছিল৷ তাতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্রপতি পুটিনক মুখৰ আগতেই এয়া যুদ্ধৰ যুগ নহয় বুলি সমালোচনা কৰি বিশ্বজুৰি প্রশংসা বুটলিছিল৷ ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পর্ক আৰু দুয়োখন ৰাষ্ট্রনেতাৰ মাজত থকা সুসম্পর্কলৈ চাই নতুন দিল্লীত অনুষ্ঠিতব্য শীর্ষ সন্মিলনত পুটিনে ভাগ ল’ব বুলি আশা কৰা হৈছিল৷ আশা কৰা হ’লেও পুটিন যে পশ্চিমীয়া ৰাষ্ট্রৰ নেতৃত্বৰ মুখামুখি নহ’ব, সেইটোও একপ্রকাৰ খাটাং হৈয়েই আছিল৷ সন্মিলনখনত পুটিনে অংশগ্রহণ কৰিলে সেয়া ভাৰতৰ বৃহৎ কূটনৈতিক সাফল্য হিচাপে বিবেচিত হ’লহেঁতেন৷ একেদৰে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰো অংশগ্রহণ অধ্যক্ষ ভাৰতৰ বাবে কূটনৈতিক সফলতা হিচাপে পৰিগণিত হ’লহেঁতেন৷ কিন্তু চীনৰো ৰাষ্ট্রপতিগৰাকীয়ে শীর্ষ সন্মিলনত ভাগ নোলোৱাটো নিশ্চিত কৰাত সন্মিলনখনে আকর্ষণ ভালেখিনি হেৰুৱালে৷ চীন বিশ্বৰ দ্বিতীয় বৃহৎ আর্থিক মহাশক্তি৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু ইউৰোপীয় ইউনিয়নৰ একাংশ সদস্য ৰাষ্ট্রৰ সৈতে চীনৰ বর্তমান সম্পর্ক অহি–নকুল৷ এই প্রেক্ষাপটত ৰাষ্ট্রনেতাসকলক একেলগে একেখন মঞ্চত চাব বিচৰা আৰু তেওঁলোকৰ মাজত আলোচনাৰ বিষয় আৰু সিদ্ধান্তক জানিবলৈ বিচৰা লোকৰ সংখ্যাৰ সীমা নাই৷ মানুহৰ এই উৎসুকতা-আগ্রহৰ মূৰত দুয়োগৰাকী নেতাই চেঁচাপানী ঢালিলে৷ ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকী নতুন দিল্লীলৈ নাহিব, সেইটো প্রায় সকলোৱে অনুমান কৰি লৈছিল৷ কিন্তু চীনৰ ৰাষ্ট্রপতিয়ে নতুন দিল্লী শীর্ষ সন্মিলনত ভাগ নল’ব, সেইটো অপ্রত্যাশিত আছিল৷ ৰাষ্ট্রপতি জিনপিঙে ভাৰতৰ সৈতে শত্রুতাক সাৰ–পানী যোগাবলৈহে শীর্ষ সন্মিলনখনত ভাগ নোলোৱাৰ সিদ্ধান্ত লোৱা বুলি চর্চা হৈছে৷ শীর্ষ সন্মিলনৰ আগে আগে চীনে মানচিত্র প্রকাশ কৰি নিজৰ কু–অভিপ্রায় উজাগৰ কৰিছিল৷ আন্তর্জাতিক ক্ষেত্রখনত ভাৰতৰ গুৰুত্ব আৰু প্রভাৱ বৃদ্ধিলৈ চাই চীনে জি–২০ৰ শীর্ষ সন্মিলনখনৰ গৰিমা হ্রাস কৰিব বিচাৰিছে৷ যাতে ব্যর্থতাৰ দোষে ভাৰতক স্পর্শ কৰে৷ সন্মিলনখনৰ আগেয়ে ভাৰতৰ ভৌগোলিক অখণ্ডতাত আঘাত হানি প্রকাশ কৰা মানচিত্রখনৰো একেটাই উদ্দেশ্য আছিল বুলি ক’ব পাৰি৷ তদুপৰি চীনৰ মানস পুত্র এছ চি অ’ৰ শীর্ষ সন্মিলনখনৰো গুৰুত্ব ভাৰতে হ্রাস কৰাত জিনপিং ক্ষুণ্ণ হৈ থাকিব পাৰে৷ ভাৰতে শীর্ষ সন্মিলনখন ভার্চুৱেলী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷ কাৰণ যিয়েই নহওক, আয়োজক আৰু অধ্যক্ষ ৰাষ্ট্র হিচাপে শীর্ষ সন্মিলনখনত চীন আৰু ভাৰতৰ ৰাষ্ট্রপতিৰ অনুপস্থিতি ভাৰতৰ বাবে কূটনৈতিক ব্যর্থতাৰ প্রকাশ৷ ইয়াৰ বিপৰীতে সন্মিলনখনে ভাৰতক দক্ষিণ বিশ্বৰ নেতা হিচাপে সবল খোজ এটা দিয়াত সহায় কৰিলে৷ জি–২০ৰ বৈঠকসমূহৰ জৰিয়তে ভাৰতত হোৱা বিকাশৰ ছবিও ভাৰতে বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবলৈ সক্ষম হ’ল৷ ভাৰতৰ ডিজিটেল অর্থ ব্যৱস্থাক বিশ্বই কাষৰ পৰা চাবলৈ সুযোগ পালে৷ ভাৰতৰ সম্ভাৱনাকো নতুন ধৰণে জুখি চাবলৈ বিশ্বই সুবিধা পালে৷ অনাগত দিনত ইয়াৰ সুফল আমাৰ দেশখনে পাব৷

You might also like