নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ অসমৰ থলুৱা লোককলা পুতলানাচৰ আধাৰত নির্মাণ কৰা ‘লাইফ ইন্ এ পাপেট’–এ পুনৰ বিদেশৰ ভূমিৰ পৰা অসমবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱৰ বতৰা৷ দক্ষিণ আমেৰিকাৰ সাংস্কৃতিকভাৱে চহকী ৰাষ্ট্র চিলি আৰু ইউৰোপ তথা বিশ্বৰ চলচ্চিত্র জগতলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ৰাষ্ট্র ছুইডেনত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় চলচ্চিত্র সমাৰোহত উজলি উঠিছে অসমৰ পুতলা নাচভিত্তিক চলচ্চিত্র ‘লাইফ ইন্ এ পাপেট’৷ দুয়োখন চলচ্চিত্র সমাৰোহতে বিশ্বৰ নামী–দামী আৰু বিগ বাজেটৰ চলচ্চিত্রৰ সৈতে প্রতিযোগিতাত অৱতীর্ণ হৈ ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–এ লাভ কৰা সাফল্য অসমৰ চলচ্চিত্র জগতৰ বাবে এক যোগাত্মক খবৰ হিচাপে চিহ্ণিত হৈছে৷ উল্লেখ্য যে দক্ষিণ আমেৰিকাৰ সাংস্কৃতিক দিশত অতি চহকী ৰাষ্ট্র চিলিৰ ৰাজধানী চাণ্টিআগ’ৰ নাতিদূৰৰ বার্গোচ ৰাংচাগুৱাত অনুষ্ঠিত চতুর্থ বার্ষিক তথা ৪১ সংখ্যক South Film and Arts Academy Festival চমুকৈSFAAF আন্তঃৰাষ্ট্রীয় চলচ্চিত্র সমাৰোহত অতি কঠিন প্রতিদ্বণ্ডিতাৰ মাজত বাছনি লাভ কৰা শ্রেষ্ঠ সাতখন চলচ্চিত্রৰ মাজত মনোনয়ন লাভ কৰিছে অসমৰ ৰাজেন দাস পৰিচালিত ‘লাইফ ইন এ পাপেট’–এ৷ ১৬ ফেব্রুৱাৰীত অনুষ্ঠিতSFAAF আন্তঃৰাষ্ট্রীয় চলচ্চিত্র সমাৰোহত বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন ভাষাৰ চলচ্চিত্রৰ মাজৰ পৰা জুৰী মণ্ডলীয়ে শ্রেষ্ঠ হিচাপে বাছনি কৰা এই মনোনীত সাতখন চলচ্চিত্রৰ তথ্য সমাৰোহখনৰ অ’ফিচিয়েল ৱেৱছাইটত সদৰী কৰিছে ফেষ্টিভেল ডাইৰেক্টৰGustavo Alfonso Noriega-এ৷
সেই অনুসৰি অসমৰ পৰা এই চলচ্চিত্র সমাৰোহত যোগদান কৰা ৰাজেন দাস পৰিচালিত ‘লাইফ ইন এ পাপেট’–এ এই শ্রেষ্ঠ বাছনিভুক্ত সাতখন চলচ্চিত্রৰ মাজত স্থান লাভ কৰি তথা মনোনয়ন লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ সমান্তৰালভাৱে চলচ্চিত্রখনৰ লগতে ছবিখনৰ মূল উপজীৱ্য অসমৰ বিলুপ্তপ্রায় পুতলা নাচেও আন্তঃৰাষ্ট্রীয় স্তৰত এক সুকীয়া মর্যাদা আৰু চিনাকি লাভ কৰাটো অসমৰ বাবে এক আনন্দৰ খবৰ হিচাপে পৰিগণিত হৈছে৷ চিলিৰ সমান্তৰালভাৱে ‘লাইফ ইন্ এ পাপেট’ৰ জৰিয়তে ছুইডেনৰ পৰাও অসমৰ বাবে আহিছে ভাল খবৰ৷ ছুইডেনত অনুষ্ঠিতLulea International Film Festival ত ছেমিফাইনেলিষ্টৰ সন্মান লাভ কৰিছে ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্র ‘লাইফ ইন্ এ পাপেট’–এ৷ তৃতীয় বার্ষিক এই চলচ্চিত্র সমাৰোহত যোগদান কৰা অসমীয়া চলচ্চিত্র ‘লাইফ ইন্ এ পাপেট’কJamsed Khan, Lars Eric Larsson ,Lollo Jarnebrinnk, Biroer Nilssonৰ দ্বাৰা গঠিত নির্বাচকমণ্ডলীয়ে ছেমিফাইনেলিষ্ট ড্রফীৰ বাবে বাছনি কৰি মনোনয়ন প্রদান কৰিছে৷ চলচ্চিত্র সমাৰোহখনৰ অ’ফিচিয়েল পেজত এই তথ্য সদৰী কৰিছে ভার্চুৱেল প্লেটফর্মত অনুষ্ঠিত হোৱাLulea International Film Festival ৰ কর্তৃপক্ষই৷ উল্লেখ্য যে অহা ৫ মার্চত অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ৰ এক বিশেষ প্রদর্শন হ’ব কলকাতাত৷আন্তঃৰাষ্ট্রীয় চিনে আলোচনীCult Critic–এ আয়োজন কৰা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র সমাৰোহত জুৰীয়ে বিশেষ প্রদর্শনৰ বাবে বাছনি কৰা নির্বাচিত কেইখনমান চলচ্চিত্রৰ মাজত স্থান লাভ কৰিছে অসমৰ ‘লাইফ ইন্ এ পাপেট’–এ৷