নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০০ কর্মচাৰীক নিযুক্তি–পত্র বিতৰণ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ

পৌৰ নিগমৰ ঠিকাভিত্তিক কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ গুৱাহাটী পৌৰ নিগমত দৈনিক হাজিৰা ঠিকাভিত্তিক নির্ধাৰিত বেতনত কর্মৰত অস্থায়ী শ্রমিকৰ মাজৰ পৰা প্রথম পর্যায়ত ৫০০ কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা হয়৷ এই উপলক্ষে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বুধবাৰে আনুষ্ঠানিকভাৱে কর্মচাৰীসকলক নিয়মীয়াকৰণৰ পত্র বিতৰণ কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷ নিযুক্তি–পত্র বিতৰণ কৰি মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ভাষণ প্রসংগত ৰাজ্যত পুনৰ বিজেপিৰ চৰকাৰ হ’ব বুলি দাবী কৰে৷ লগতে তেওঁ কয় যে পৰৱর্তী সময়ত পর্যায়ক্রমে অস্থায়ী কর্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব৷ উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমত দীর্ঘদিন ধৰি ১,৬০৭টা চতুর্থবর্গৰ পদ খালী হৈ আছে৷ বর্তমান গুৱাহাটী পৌৰ নিগমত ১,৫৬২জন অস্থায়ী কর্মচাৰীয়ে কর্মৰত হৈ আছে৷ ২০১৪ চনত মেয়ৰ ইন কাউন্সিলৰ সভাত এই অস্থায়ী শ্রমিকসকলৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ মেয়ৰ ইন কাউন্সিলৰ সিদ্ধান্তমর্মে দীর্ঘদিনৰ বিৰতিৰ পাছত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ নেতৃত্বত আজি প্রথম পর্যায়ত ৫০০ অস্থায়ী কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা হয়৷ এই উপলক্ষে আয়োজিত সভাখনত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, গুৱাহাটী উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, জিএমডিএৰ উপাধ্যক্ষ মুকুতা ডেকা, পৌৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাকে ধৰি জিএমচিৰ বিষয়ববীয়া আৰু কর্মচাৰীসকল উপস্থিত থাকে৷

You might also like