নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ৰুইলীত ঘাটি পাতি ভাৰতবিৰোধী অভিযান আলফা স্বাধীনৰ

বেআইনী কার্যকলাপ (প্রতিৰোধ) ন্যায়াধিকৰণত চৰকাৰৰ শপতনামা

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ   সার্বভৌমত্বৰ চর্তত অটল থাকি সশস্ত্র সংগ্রাম অব্যাহত ৰখা আলফা (স্বাধীন)–এ এইবাৰ ঘাটি স্থাপন কৰিছে চীনৰ মাটিত৷ চুবুৰীয়া ৰাষ্ট্রখনৰ য়ুনান প্রদেশৰ ৰুইলীত বাহৰ পাতি নিষিদ্ধঘোষিত সংগঠনটোৱে ভাৰতবিৰোধী অভিযান চলাই আছে৷ পোনপ্রথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে এই বিস্ফোৰক তথ্য সদৰী কৰিছে কেন্দ্রীয় চৰকাৰে৷ আলফা (স্বাধীন) সন্দর্ভত শেহতীয়াকৈ কেন্দ্র–ৰাজ্য উভয় চৰকাৰে বেআইনী কার্যকলাপ (প্রতিৰোধ) ন্যায়াধিকৰণত পৃথকে পৃথকে দাখিল কৰা শপতনামাত বহু গুৰুত্বপূর্ণ তথ্য সন্নিৱিষ্ট হৈছে৷ কেন্দ্রীয় চৰকাৰৰ হৈ গৃহ মন্ত্রালয়ৰ উপ–সচিব আৰ কে পাণ্ডেই স্বাক্ষৰ কৰা শপতনামাত স্পষ্টকৈ কোৱা হৈছে যে আলফা (স্বাধীন)–এ ঘাটি স্থাপন কৰিছে চীনৰ য়ুনান প্রদেশৰ ৰুইলীত৷ তাৰ পৰাই সশস্ত্র সংগঠনটোৱে ধনদাবী, নতুন সদস্যভুক্তি আৰু অস্ত্র–শস্ত্র ক্রয়কে ধৰি হিংসাত্মক কার্যকলাপ চলাই আছে৷ মন কৰিবলগীয়া যে ইতিপূর্বে ম্যানমাৰ সীমান্তৱর্তী দক্ষিণ চীনৰ ৰুইলীত আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি একাংশ শীর্ষ নেতাই আশ্রয় লৈ থকাৰ কথা চোৰাংচোৱা সূত্রত প্রকাশ পাইছিল৷ ইয়াৰ বিপৰীতে মধ্যম পর্যায়ৰ নেতা তথা সদস্যসকলে বাহৰ পাতিছিল ম্যানমাৰৰ ছাগায়িং ডিভিজনৰ গভীৰ অৰণ্যত থকা শিবিৰত৷ কিন্তু এতিয়া চীনৰ ৰুইলীত আলফা (স্বাধীন)–এ ঘাটি পতা বুলি খোদ কেন্দ্রীয় গৃহ মন্ত্রালয়ে শপতনামাযোগে সদৰী কৰাটো যথেষ্ট তাৎপর্যপূর্ণ ৰূপে চিহ্ণিত হৈছে৷ তদুপৰি অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক কার্যকলাপত আলফা (স্বাধীন)–এ উচটনি দিয়া বুলিও উল্লেখ কৰা হৈছিল কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ শপতনামাখনত৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রশান্ত কুমাৰ ডেকা নেতৃত্বাধীন বেআইনী কার্যকলাপ (প্রতিৰোধ) ন্যায়াধিকৰণত ৰাজ্য চৰকাৰৰ হৈ গৃহ বিভাগৰ যুটীয়া সচিব সীমান্ত কুমাৰ দাস স্বাক্ষৰিত শপতনামাখনত উল্লেখ কৰা অনুসৰি বিগত ২০১৯ চনৰ ২৮ জানুৱাৰীৰ পৰা ম্যানমাৰৰ সেনাই ভাৰতীয় সশস্ত্র সংগঠনসমূহৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত আলফা (স্বাধীন)–এ ছাগায়িং ডিভিজনৰ টাকা, লুংমার্ক আৰু নাইমুং বস্তিত স্থাপন কৰা শিবিৰসমূহৰ বিস্তৰ ক্ষতি হয়৷ আনকি বহু সদস্যই শিবিৰ এৰি পলায়ন কৰে৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে দাখিল কৰা শপতনামাত নগা বিদ্রোহী সংগঠন এনএছচিএন (কে)ৰ সহযোগত আলফা (স্বাধীন)–এ ছাগায়িং ডিভিজনৰ ৮টা স্থানত শিবিৰ স্থাপন কৰাৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে৷ শপতনামাখনত উল্লেখ কৰা মতে, টাকাত আলফা (স্বাধীন)ৰ কাউঞ্চিল ম’বাইল হেডকোৱার্টাৰ, জেনেৰেল ম’বাইল হেডকোৱার্টাৰ আৰু চেণ্ড্রেল ট্রেইনিং চেণ্টাৰ আছে৷ সেইদৰে লুংমার্কত আছে ইউজি কেম্প৷ নাইমুং বস্তিত সশস্ত্র সংগঠনটোৱে স্থাপন কৰিছে নীলগিৰি কেম্প৷ ইউজি কেম্পত প্রধানতঃ আলফা (স্বাধীন)–এ অস্ত্র–শস্ত্র, বিস্ফোৰক আদি মজুত ৰাখে৷ নাগালেণ্ডৰ মন জিলা সংলগ্ণ ম্যানমাৰৰ হায়াট বস্তিত সশস্ত্র সংগঠনটোৰ ‘ইষ্টার্ন কমাণ্ড’ৰ মুখ্য কার্যালয় থকাৰ বিপৰীতে পাপুং নগাবস্তিত আছে আৰাকান বা ব্রিগেড কেম্প আৰু অপাৰেচন কেম্প৷ এই অপাৰেচন কেম্পত বাহৰ পাতিয়েই আলফা (স্বাধীন)ৰ কেডাৰসকলে প্রৱেশ কৰে অসমত৷ ৰাজ্য চৰকাৰৰ শপতনামাখনত উল্লেখ কৰা অনুসৰি ২০১৬ৰ পৰা ২০১৮ চনৰ ভিতৰত আলফা (স্বাধীন)–এ ফেচবুক তথা অন্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে সদস্যভুক্তিৰ বাবে হঠাতে তৎপৰ হৈ পৰিছিল৷ যুৱক–যুৱতীসকলক্ আলফা (স্বাধীন)ৰ প্রতি আকর্ষিত কৰাৰ ক্ষেত্রত মূল ভূমিকা গ্রহণ কৰে ইয়াৰ প্রচাৰ গোটে৷ ২০১৭ আৰু ২০১৮ চনত ৩৭জনকৈ যুৱকে আলফা (স্বাধীন)ত যোগদান কৰিছিল৷ ইয়াৰে কিছুসংখ্যকৰ বিভিন্ন ক্ষেত্রৰ কাৰিকৰী জ্ঞান আছিল আৰু সেইসকলক সশস্ত্র সংগঠনটোৱে চাইবাৰ সম্পর্কীয় কাৰিকৰী কামৰ বাবে ব্যৱহাৰ কৰিছিল৷

ৰাজ্য চৰকাৰৰ শপতনামাখনত আন এক গুৰুত্বপূর্ণ বিষয় সন্নিৱিষ্ট কৰা হৈছে৷ শপতনামাখনত উল্লেখ কৰা মতে, ২০১৮ চনৰ ১৯ আগষ্টত গোলাঘাটত ‘অন্মাতা’ ANMMMTA) নামৰ এটা সংগঠনৰ জন্ম দিয়া হৈছিল৷ অসমৰ উপৰি উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, মেঘালয় আৰু ত্রিপুৰাক সামৰি গঠন কৰা এই সংগঠনটোৰ উদ্দেশ্য হ’ল চৰকাৰৰ বিৰুদ্ধে বিভিন্ন গণতান্ত্রিক আন্দোলন গঢ়ি তোলা, সশস্ত্র কার্যকলাপৰ বাবে সদস্যভুক্তি আৰু ধন সংগ্রহ কৰা৷ এনেধৰণৰ সকলো নির্দেশ আহে অৰুণোদয় দহোটীয়াই ব্যৱহাৰ কৰা আলফা (স্বাধীন)ৰ ফেচবুক একাউণ্টৰ জৰিয়তে৷ অস্ত্র–শস্ত্র ক্রয় সন্দর্ভতো ৰাজ্য চৰকাৰৰ শপতনামাখনত গুৰুত্বপূর্ণ তথ্য উল্লেখ কৰা হৈছে৷ আন্তর্জাতিক অস্ত্র স্মাগলাৰ চক্রৰ পৰা আলফা (স্বাধীন)–এ বৃহৎসংখ্যক মাৰণাস্ত্র, গুলী আৰু বিস্ফোৰক ক্রয় কৰিছে৷ প্রধানতঃ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মেইটাই আৰু ম্যানমাৰৰ অন্য সশস্ত্র সংগঠনৰ সহায়ত অস্ত্র–শস্ত্র আৰু বিস্ফোৰক ক্রয় কৰে৷ ক্রয় কৰা অস্ত্র–শস্ত্রসমূহ ম্যানমাৰৰ চিন্দউইন নদীৰে সৰবৰাহ কৰি নি ইউজি কেম্পত মজুত ৰখা হয়৷ উল্লেখ্য যে বেআইনী কার্যকলাপ (প্রতিৰোধ) আইনৰ অধীনত সশস্ত্র সংগঠনটোক কিয় বেআইনী ঘোষণা কৰা নহ’ব, সেই সন্দর্ভত যুক্তি দর্শাই কেন্দ্র–ৰাজ্য উভয় চৰকাৰে পৃথকে শপতনামা দাখিল কৰিছিল৷ এই শপতনামাৰ ভিত্তিত যোৱা মাহত বেআইনী কার্যকলাপ (প্রতিৰোধ) ন্যায়াধিকৰণে সশস্ত্র সংগঠনটোক বেআইনী ঘোষণা কৰি কেন্দ্রীয় গৃহ মন্ত্রালয়ে বিগত ২০১৯ চনৰ নৱেম্বৰ মাহত জাৰি কৰা অধিসূচনাৰ ম্যাদ আৰু ৫ বছৰলৈ বৃদ্ধি কৰাত সন্মতি প্রদান কৰে৷ এই অধিসূচনাখনত আলফাক ভাৰতৰ সার্বভৌমত্ব আৰু সংহতিৰ প্রতি ভাবুকিস্বৰূপ বুলি কোৱা হৈছে৷

You might also like