নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুটিনৰ বিৰুদ্ধে প্রতিবাদ জনাই মহিলা সাংবাদিকৰ আত্মজাহ

ৰুছ প্রশাসনৰ বিৰুদ্ধে বাতৰি লিখি পৰিল ৰোষত

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ   বিশ্বৰ ক্ষমতাশালী ৰাষ্ট্র নায়কসকলৰ ভিতৰত অন্যতম হিচাপে চিহ্ণিত ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন এতিয়া গৃহভূমিতেই তীব্র ক্ষোভৰ সন্মুখীন হৈছে৷ পুটিনৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে দেশখনৰ বিভিন্ন চহৰত সঘনে বিক্ষোভ–প্রতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে এগৰাকী সাংবাদিকে আৰক্ষী মুখ্য কার্যালয়ৰ সমীপত আত্মজাহ দিয়া ঘটনাই এতিয়া বিশ্বৰ সংবাদ মাধ্যমত তোলপাৰ লগাইছে৷ এই ঘটনা ঘটিছে দেশখনৰ ঔদ্যোগিক নগৰ হিচাপে চিহ্ণিত নিজ্নী নভগ’ৰ’ডত৷ চহৰখনৰ কোজা ডট প্রেছ নামৰ নিউজ ছাইটটোৰ মুখ্য সম্পাদক ইৰিনা শ্লাভিনাই আৰক্ষী মুখ্য কার্যালয়ৰ সন্মুখতে শৰীৰত অগ্ণিসংযোগ কৰি প্রাণ আহুতি দিয়ে৷ ৰাষ্ট্রপতি পুটিনৰ অপশাসনক যেন তাচ্ছিল্য কৰি গ’ল বিক্ষুব্ধ মহিলা সাংবাদিকগৰাকীয়ে৷ শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পাছতে ৰাছিয়াৰ সংবাদ মাধ্যমতো বিষয়টোক লৈ চলিছে সৰৱ চর্চা৷ নিৰপেক্ষ নিউজ ছাইটটোৰ মুখ্য সম্পাদক ইৰিনাই সঘনে পুটিন প্রশাসনৰ অপশাসনক উদঙাই প্রতিবেদন প্রকাশ কৰিছিল৷ গতিকে বাৰে বাৰে আৰক্ষীৰ মানসিক আতিশয্যৰ সন্মুখীন হ’বলগীয়া হৈছিল ইৰিনা৷ শুকুৰবাৰে এই ঘটনা সংঘটিত কৰাৰ পূর্বে ইৰিনাৰ বাসভৱনত ৰুছ আৰক্ষীয়ে চলাইছিল এক তালাচী৷ উল্লেখনীয় যে ৰাছিয়াৰ বিৰোধী ৰাজনৈতিক দলক লক্ষ্য হিচাপে বাছি লৈ ইৰিনাৰ বাসভৱনত এই তালাচী চলোৱা হৈছিল বুলি কোজা ডট প্রেছে ঘোষণা কৰিছে৷ কিন্তু সাংবাদিকগৰাকীৰ এই আত্মজাহৰ ঘটনাৰ পাছতে তদন্তকাৰী আৰক্ষীয়ে নির্যাতন চলোৱাৰ কথা অস্বীকাৰ কৰিছে৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি তালাচীৰ সৈতে ইৰিনাৰ মৃত্যুৰ সম্পর্ক নাই৷ কাৰণ যিটো গোচৰ লৈ আৰক্ষীয়ে তদন্ত চলাই আছে তাত মাত্র ইৰিনা এগৰাকী সাক্ষীহে আছিল৷ আৰক্ষীয়ে অভিযোগৰ কথা অস্বীকাৰ কৰিছে যদিও আত্মজাহৰ মাত্র কেইঘণ্টামান পূর্বে ইৰিনাই ফেচবুকত তেওঁৰ মৃত্যুৰ বাবে ৰাছিয়ান ফেডাৰেচন জগৰীয়া বুলি উল্লেখ কৰিছিল৷ স্মর্তব্য যে নিজ্নী নভগ’ৰ’ডৰ আৰক্ষী মুখ্য কার্যালয়ৰ সন্মুখত জুইৰ মাজত বহি থকা ইৰিনাৰ ভিডিঅ’ তাৎক্ষণিকভাৱে ছ’চিয়েল মিডিয়াত বিয়পি পৰে৷ ইৰিনাৰ নিউজ ৱেবছাইটটোৰ উদ্দেশ্যই আছিল ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ দুর্নীতি–প্ৰশাসনক উদঙাই দিয়া৷ সাংবাদিকগৰাকীৰ মৃত্যুৰ পাছতে তেওঁৰ সতীর্থ তথা সমর্থকসকলে ঘোষণা কৰিছে যে ৰাষ্ট্রক আঘাত কৰা প্রতিবেদনৰ বাবেই প্রাণ দিবলগীয়া হ’ল ইৰিনাই৷ ইফালে, ইৰিনাৰ মৃত্যুৰ পাছত ৰাছিয়াত সৰৱ হৈ পৰিছে সাংবাদিক তথা মানৱ অধিকাৰ কর্মীসকল৷ মানৱ অধিকাৰৰ সবল কণ্ঠস্বৰ হিচাপে পৰিচিত অধিবক্তা পাভেল চিক’ভে সাংবাদিকগৰাকীলৈ শ্রদ্ধাঞ্জলি জনাই কৈছে যে ইৰিনাৰ মৃত্যুৱে ৰাছিয়াক জাগ্রত কৰাৰ নতুন সাহস যোগাব৷ বিৰোধী নেতা আলেক্সেই নাভালনিয়ে সাংবাদিকগৰাকীৰ মৃত্যুক অতি ভয়াৱহ ঘটনা বুলি অভিহিত কৰিছে৷ স্মর্তব্য যে ক্রেমলিনৰ কট্টৰ সমালোচক মিথাইল খ’ড’ৰকভস্কিয়ে পৰিচালনা কৰা অ’পেন ৰাছিয়া নামৰ প্রতিবাদী সংগঠনটোৰ সৈতে সম্পর্ক থকাৰ অভিযোগত ইৰিনাৰ ওপৰত সঘনে মানসিক আতিশয্য চলাইছিল আৰক্ষীয়ে৷

You might also like