নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত জি-২০ সন্মিলন বৰ্জন চীনৰ ৰাষ্ট্ৰপতিৰ

বিশেষ বাৰ্তা, ৩১ আগষ্টঃ অহা ৮ৰ পৰা ১০ ছেপ্টেম্বৰলৈ ভাৰতত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ নকৰে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে। নিউজ এজেন্সী ৰয়টাৰে জি-২০ৰ বৈঠকত জিনপিঙে অংশগ্ৰহণ নকৰে বুলি দাবী কৰি এক প্ৰতিবেদন প্ৰকাশ কৰিছে। চীনত নিযুক্তি পোৱা এজন কূটনীতিবিদ আৰু জি-২০ৰ আন এজন বিষয়া (দুজন ভাৰতীয় বিষয়া)ৰ উদ্ধৃতি দি ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি এই বিষয়াসকলে ইংগিত দিছে যে প্ৰধানমন্ত্ৰী লি কিয়াঙক বেইজিঙৰ প্ৰতিনিধি হিচাপে নতুন দিল্লীৰ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হ’ব বুলি আশা কৰা হৈছে। একে সময়তে হিন্দুস্তান টাইমছে নিজৰ প্ৰতিবেদনত এজন বিষয়াৰ উদ্ধৃতি দি কয় যে, “কালিলৈকে জি-২০ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণৰ কোনো নিশ্চয়তা নাছিল।” ভাৰতত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকত অংশগ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আৰু সেয়া নিশ্চিত কৰা হৈছে। আৰম্ভণিৰে পৰাই জি জিনপিঙৰ ওপৰত আশংকা প্ৰকাশ পাইছিল যে তেওঁ উপস্থিত থাকিব নে নাথাকিব। এই বৈঠকক জো বাইডেন আৰু জি জিনপিঙৰ বাবেও এক সুযোগ হিচাপে দেখা গৈছে। টাইৱানক লৈ আমেৰিকা আৰু চীনৰ মাজত হুলস্থুল। একে সময়তে শেহতীয়াকৈ চীনৰ মানচিত্ৰ সন্দৰ্ভত ভাৰতৰ সৈতে ড্ৰেগনৰ সম্পৰ্ক জটিল হোৱা দেখা গৈছে। যোৱা বছৰৰ নৱেম্বৰ মাহত ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত বাইডেনৰ সৈতে জি ঝিনপিঙৰ আলোচনা হৈছিল। ইয়াৰ উপৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে জি-২০ শীৰ্ষ সন্মিলনত ব্যক্তিগতভাৱে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত প্ৰকাশ কৰিছে, ইয়াৰ পৰিৱৰ্তে বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভক তেওঁৰ প্ৰতিনিধি হিচাপে পঠিয়াবলৈ বাছি লৈছে।

You might also like