চিৰাঙত একাংশ বিশেষ সম্প্ৰদায়ৰ যুৱকে যুৱপ্ৰজন্মক নিঃশেষ কৰিবলৈ বৰবিহ ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰিছে। চিৰাং আৰক্ষীয়েও সমান্তৰালভাৱে বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।
যোৱানিশাৰ অভিযানত জিলাখনৰ বিজনী মহকুমাৰ দুখন থানাৰ অন্তৰ্গত দুঠাইত অভিযান চলাই নিষিদ্ধ ড্ৰাগছৰ সৈতে দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ অভিযানকাৰী দল। চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, যোৱানিশা বেদলাংখাইতী পথত আৰক্ষীৰ তালাচী অভিযানত এ এছ-০১জি এইচ-৭৫৩৭ নম্বৰৰ ডিজায়াৰ বাহনত নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ আৰক্ষী সক্ষম হয়। পাতিলাদহাৰ পৰা পাণবাৰী অভিমুখী বাহনখনৰ পিছদুৱাৰত কৌশলেৰে ১০টা চাবোনৰ বাকচত মুঠ ১১০.৮৮ গ্ৰাম হেৰোইন উদ্ধাৰ কৰি জব্দ কৰে। পবিত্ৰ ৰমজান মাহত ড্ৰাগছ সৰবৰাহ কৰি আটক হোৱা যুৱকজনক আৰক্ষীয়ে মাণিকপুৰৰ শালমাৰা গাঁৱৰ বাসিন্দা ৰমজান আলীৰ পুত্ৰ আলিমুদ্দিন (২৫) বুলি চিনাক্ত কৰে।
আনহাতে, নিশা ১২:৩০ বজাত বিজনী থানাৰ আৰক্ষীয়ে পুৰাণ বিজনী পথত চলোৱা অন্য এক তালাচী অভিযানত বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ৭নং বাশবাৰী গাঁৱৰ বাসিন্দা ছাহিদুল ইছলামৰ পুত্ৰ জান্নাদুল ইছলাম (২২)ক আটক কৰাৰ লগতে দুটা চাবোনৰ বাকচৰ ভিতৰত ৰখা ১০.৭৯ গ্ৰাম আৰু ১১.৯৯ গ্ৰাম হেৰোইন উদ্ধাৰ কৰি জব্দ কৰে। তালাচীৰ সময়ত আন্ধাৰৰ সুযোগ লৈ অন্য দুজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকে পলাবলৈ সক্ষম হয়। বিজনী আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ এ এছ-১৯ আৰ-২১৭৫ নম্বৰৰ স্কুটীখনৰ লগতে এটা ৰিয়েলমি মোবাইল ফোন জব্দ কৰে। বিজনী আৰক্ষীয়ে পলায়ন কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
নিয়মীয়া বাৰ্তা, কাজলগাঁও, ১০ মাৰ্চ :