মাৰ্ঘেৰিটাত “চোতালে চোতালে কংগ্ৰেছ” কাৰ্যসূচীৰ শুভাৰম্ভ
নিময়ীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য সৰ্ববৃহত বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ। একপ্ৰকাৰে গণ বিচ্ছিন্ন হৈ পৰা কংগ্ৰেছ দলটোক পুনৰ উদ্ধাৰৰ চেষ্টা অসম কংগ্ৰেছৰ। ৰাইজৰ মাজত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ উদ্দেশ্যে কংগ্ৰেছ দলে আৰম্ভ কৰিছে নতুন নতুন ৰাজনৈতিক কৌশল। এই কৌশলৰে অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰিছে “চোতালে চোতালে কংগ্ৰেছ” শীৰ্ষক এক কাৰ্যসূচী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ “চোতালে চোতালে কংগ্ৰেছ” শীৰ্ষক কাৰ্যসূচী মাৰ্ঘেৰিটাত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ মাৰ্ঘেৰিটাত আজি পুৱা ১১ঃ৩০ বজাত উপস্থিত হোৱা লগে লগে কংগ্ৰেছ কৰ্মীসকলে বাইক ৰেলীৰ লগতে বিহু আৰু ঝুমুৰ নৃত্য দলে পথৰ পৰা সভা স্থলীলৈ আদৰি আনে। মাৰ্ঘেৰিটাৰ মাকুমপথাৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত মাৰ্ঘেৰিটাৰ মাছেগাঁৱত অনুষ্ঠিত “চোতালে চোতালে কংগ্ৰেছ” শীৰ্ষক অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি, দুৰ্গা ভূমিজ, উপ-সভাপতি ৰাজু চাহু, উপঃসভাপতি জয়ন্ত কলিতা, সাধাৰণ সম্পাদক (প্ৰশাসনিক)ৰমান্ন বৰুৱা, সম্পাদক দিলিপ মৰাণসহ তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ বহু সংখ্যক বিষয় ববীয়া তথা নেতা কৰ্মী উপস্থিত থাকে। সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বিজেপিৰ দল আৰু চৰকাৰক দুৰ্ণীতিগ্ৰস্ত বুলি তীব্ৰ সমালোচনা কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এই ৰাজনৈতিক কৌশলে দলটোক জনসাধাৰণৰ কাষ চপাই নিয়া ক্ষেত্ৰত কিমান সহায়ক হয় সেইয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব। অন্যহাতে মাৰ্ঘেৰিটা ডিহিং চাহবাগিছাৰ সমিপৰ ৰেলৱৈ লাইনৰ কাষৰ প্ৰায় ৮০ টা পৰিয়ালক ৰেলবিভাগে উচ্ছেদ কৰা স্থান পৰিৰ্দশন কৰে সভাপতিগৰাকীয়ে। স্থানীয় কংগ্ৰেছকৰ্মী তথা জনসাধাৰণৰ মনৰ কথা বুজলবলৈ এই কাৰ্য্যসূচী হাতত লৈছে দলটোৱে। চোতালে চোতালে কংগ্ৰেছ কাৰ্য্যসূচীৰ শুভাৰম্ভ কাৰ্য্যসূচীৰ প্ৰথমখন সভা মাৰ্ঘেৰিটাৰ মাকুম পথাৰ পৰা ভূপেন বৰাই আৰম্ভ কৰে। এই কাৰ্য্যসূচী সমগ্ৰ অসমতে চলিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ দিল্লী নিৰ্বাচনত কংগ্ৰেছ দলটো শূন্য হৈ পৰিল ঠিক সেইদৰে অসমৰ ২০২৬ ৰ নিৰ্বাচনত অসমত কংগ্ৰেছ দল শূন্য হৈ পৰিব বুলি ৰাইজৰ মাজত চৰ্চা চলিছে বুলি সাংবাদিকৰ প্ৰশ্নত সভাপতি গৰাকীয়ে কয়যে দলটোক শক্তিশালী কৰিবৰ বাবে তেওঁলোকে কাম কৰি আছে কোনোবাই যদি আত্মসন্তুষ্টি লৈছে তাত তেওঁৰ কব লগা একো নাই। ইণ্ডিয়া এলায়ঞ্চত এই সম্পৰ্কে আলোচনা কৰা হ’ব বুলিও উল্লেখ কৰে।
প্ৰেৰক মানস প্ৰতিম গগৈ