খ্ৰীষ্টান ধৰ্ম এৰি হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন : অসম সত্ৰ মহাসভাৰ সন্তুষ্টি প্ৰকাশ
বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ কাৰ্বি আংলং, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ ১৩২টা পূৰ্ব ধৰ্মান্তৰিত পৰিয়ালে খ্ৰীষ্টান ধৰ্ম এৰি পুনৰ হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰা কাৰ্যত ঐতিহ্যমণ্ডিত অসম সত্ৰ মহাসভাই গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে। এক বাৰ্তাত প্রধান সম্পাদক কুসুম কুমাৰ মহন্তই পুনৰ স্বধৰ্মলৈ ঘূৰি অহা পৰিয়ালকেইটাক আন্তৰিক স্বাগতম জনাইছে আৰু এই দিনটো অসমৰ ইতিহাসত এক ‘সোণালী দিন’ হিচাপে জিলিকি ৰ’ব বুলি মত ব্যক্ত কৰিছে। ইতিপূৰ্বে অসম সত্ৰ মহাসভাই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জাতি-জনগোষ্ঠীক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ সৃষ্ট একশৰণ নামধৰ্ম দীক্ষিত কৰি বড়ো, ৰাভা, মিচিং, কাৰ্বি, নেপালী, বঙালী আদি বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰাৰ নিৰন্তৰ প্রয়াস কৰি আহিছে। আজিৰ ধৰ্মলৈ ঘূৰি অহাটো এক ইতিবাচক খবৰ বুলি সত্ৰ মহাসভাই অভিহিত কৰে। বিবৃতিটোত প্রধান সম্পাদক কুসুম কুমাৰ মহন্তই গভীৰ উদ্বেগ প্রকাশ কৰি কয় যে কেৱল কাৰ্বি আংলং অথবা মৰিগাঁৱতে নহয়, সমগ্ৰ অসমৰ উজনিৰ পৰা নামনিলৈকে হাজাৰ হাজাৰ হিন্দু পৰিয়ালক খ্ৰীষ্টান ধৰ্মৰ নামত অৰ্থৰ প্ৰলোভন দি ধৰ্মান্তৰিত কৰি থোৱা হৈছে। এইসকলকো অনতিবিলম্বে পুনৰ সনাতন ধৰ্মলৈ ওভতাই আনিবলৈ হিন্দুত্ববাদী স্বেচ্ছাসেৱী সংগঠন, স্থানীয় সংগঠন তথা ৰাজ্য চৰকাৰক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম সত্ৰ মহাসভাই বিনম্ৰতাৰে অনুৰোধ জনাইছে।