বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰঃ অৱশেষত চুপাৰি মাফিয়াৰ ধন দাবীৰ গোচৰত ৫জনক গ্ৰেপ্তাৰ চিআইডিৰ। আটক হোৱাসকল হল ভৱানীপুৰ আৰক্ষী চকীৰ SI (P) দেৱজিত গিৰী, পাটাছাৰকুছি থানাৰ ASI শশাংক দাস, অতিৰিক্ত উপায়ুক্ত (HQ) গায়ত্ৰী সোণোৱালৰ দেহৰক্ষী তথা ABC ইনাজামামুল হাচান, আৰক্ষী অধীক্ষকৰ গাড়ী চালক দ্বীপজয় ৰয় আৰু বজালীৰ আৰক্ষী অধীক্ষকৰ পাৰ্ট টাইম ড্ৰাইভাৰ তথা হোমগাৰ্ড নাবিৰ আহমেদ। ঘটনা অনুসৰি ১৬ জুলাইৰ নিশা ১.৩০ বজাত বজালী আৰক্ষীৰ এটা দল উপস্থিত হৈছিল ৰবিউল ইছলামৰ কমাৰগাঁৱৰ বাসগৃহত। তাত জোৰ জবৰদস্তি ঘৰৰ দৰ্জা ভাগি প্ৰৱেশ কৰে আৰক্ষীৰ দলটোৱে। ঘৰৰ পৰিয়ালক অকথ্য গালি গালাজ কৰি ৰবিউলৰ কোঠাত অভিযান চলাই ড্ৰাগছ আৰু নগদ ধন কত আছে বিচাৰে আৰক্ষীৰ দলটোৱে। কিন্তু ৰবিউলে নাই বুলি কোৱাত গাড়ীৰ চাবি, মোবাইল, বেংকৰ পাছবুক, এ টি এম কাৰ্ড, পাছপোৰ্টকে ধৰি আৱশ্যকীয় ডকুমেণ্ট আৰক্ষীৰ দলটোৱে জব্দ কৰে। তাৰ পাছত নিশাই লৈ যোৱা হয় ভৱানীপুৰ থানালৈ। ১৭ জুলাইৰ দিনৰ ১২ বজাত ৰবিউলক লৈ যোৱা হয় বজালীৰ আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনলৈ। উপস্থিত হোৱাৰ পিছত আৰক্ষী অধীক্ষকে অবৈধ সামগ্ৰীৰ তথ্য বিচাৰি শাৰীৰিকভাৱে প্ৰহাৰ কৰে। সেই সময়তে তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৰবিউলক বাহিৰলৈ উলিয়াই আনি ৮০খন সোনৰ বিস্কুটৰ সন্ধান বিচাৰে। তেতিয়াও ৰবিউলে একো নাজানো বুলি মন্তব্য কৰে। তাৰ পাছত বিয়লি ৩ বজাত পুনৰ ভৱানীপুৰ আৰক্ষী চকী লৈ যোৱা হয় ৰবিউলক। তাত কেইবাগৰাকীও আৰক্ষী বিষয়াই ৰবিউলে তথ্য নিদিলে গুলীয়াই দিয়াৰ ভাবুকি দিয়ে। তাৰ পিছত নিশা কহৰা নামৰ ঠাইলৈ ৰবিউলক লৈ যোৱা হয়। তাত জেহাদীৰ লগত সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিবলৈ দিয়া হয়,অন্যথা এনকাউণ্টাৰ কৰাৰ ভাবুকি দিয়ে। তাৰ পিছত সেই স্থানত হিন্দী ভাষীৰ লোক এজনে আঢ়ৈ কোটি দাবী কৰি দহ লাখ আগতীয়াকৈ দিবলৈ কয় ৰবিউলক। দাবী কৰা ধন দিবলৈ মান্তি হোৱাৰ পাছত পুনৰ ৰবিউলক লৈ অহা হয় ভৱানীপুৰ আৰক্ষী চকীলৈ। তাৰ পৰা বাঘমৰা আৰক্ষী চকীলৈ লৈ যোৱা হয় ৰবিউলক। তাত ৰবিউলে দহ লাখ টকা ধন আদায় দিয়াৰ উপৰি মাতৃৰ ২১খন চেকত চহী কৰি আৰক্ষীৰ হাতত দিয়ে। কিন্তু পুনৰ ASP গায়ত্ৰী সোনোৱাল উপস্থিত হৈ বাকী থকা আঢ়ৈ কোটি টকা ৰবিউলৰ পৰা বিচাৰে। ৰবিউলে দিয়াৰ কথা স্বীকাৰ কৰাৰ অন্তত জব্দ কৰা সামগ্ৰী নিদিয়াকৈ যাবলৈ দিয়া হয়। পুনৰ আৰক্ষীয়ে ১৯ জুলাইত ৰবিউলক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ লগতে নিশা ASPক এক স্থানত লগ কৰি দিব লগা ধনখিনি দিব কোৱা হৈছিল। কোনো গোচৰ ৰুজু নকৰাকৈয়ে হাতত হেণ্ডকাফ লগাই দুটাকৈ দিন আৰক্ষীৰ জিম্মাত ৰখা হৈছিল ৰবিউলক। অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোনোৱালক দিব লগা ধনক লৈ আৰক্ষীৰ হৈ মধ্যস্থতা কৰিছিল দালাল কিশোৰ বৰুৱাই। কিন্তু হঠাৎ গায়ত্ৰী সোনোৱালৰ বদলি হোৱাত নবীৰ আৰু দ্বীপজ্যোতিয়ে পুনৰ ৰবিউলৰ ভগ্নীক লগ কৰি আঢ়ৈ কোটি টকা এছ পি সিদ্ধাৰ্থ সোনোৱালক দিব কৈছিল। ধন দিব নোৱাৰাৰ কথা কৈ আৰক্ষীৰ ওচৰ চপা নাছিল ৰবিউল। তাৰ পিছত ভিজিলেঞ্চৰ সহায়ৰ বাবে আগবাঢ়িছিল ৰবিউল। কিন্তু জাল পাতিও ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল ধন দাবী কাণ্ডত জড়িতক। আৰু ভিজিলেন্সৰ নিৰ্দেশ মৰ্মে ৰবিউলে CIDৰ কাষ চাপি সমগ্ৰ কথা বৰ্ণনা কৰি এজাহাৰ দাখিল কৰে। অৱশেষত কালি বজালীৰ আৰক্ষী অধীক্ষকসহ ৮ আৰক্ষী বিষয়ক ৰিজাৰ্ভ ক্লজ কৰাৰ পিছত আজি উক্তকেইগৰাকী গ্ৰেপ্তাৰ কৰে চিআইডিয়ে।