নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ “জনহিত জনসেৱাৰ্থে” বাণীৰে অসমৰ ৰাইজক সুৰক্ষা দিয়াৰ শপত গ্ৰহণ কৰা অসম আৰক্ষীয়ে বজালীত যেন উদক ভেটা ৰখীয়া পাতিছিল৷ অসম আৰক্ষীক লজ্জানত কৰি অসমৰ নৱগঠিত বজালী জিলাত ধৰা পৰিছে বেজৰ নাকতেই খৰ৷ ৰাইজক সুৰক্ষা দিয়াৰ বিপৰীতে ভয়ংকৰ দুৰ্ৰ্ণীতিৰ অভিযোগত অভিযুক্ত হৈ আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ জালত পৰিছে বজালী আৰক্ষীৰ কেবাগৰাকী উচ্চ পদস্থ বিষয়া তথা কৰ্মচাৰী৷ যি ঘটনাই সমগ্ৰ বজালীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে অসম আৰক্ষীৰ সংস্কাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে যিমানে চেষ্টা নকৰক কিয় একাংশ দুৰ্নীতিপৰায়ণ আৰক্ষী বিষয়াৰ দুৰ্নীতি আৰু কু কীৰ্তিৰ বাবে সততে কলংকৰ দাগ লাগি আহিছে পবিত্ৰ খাকী পোছাকত। ৰক্ষকে ভক্ষক হৈ সাধাৰণ ৰাইজক নিৰাপত্তা দিয়াৰ নামত ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰা ডকাইতৰূপী আৰক্ষী প্ৰতিদিনে কৰায়ত্ত হোৱাৰ পিছটো যেন মৰসাহ কমা নাই একাংশ আৰক্ষীৰ। তেনে এক কলংকিত ঘটনাই জোঁকাৰি গল নৱগঠিত বজালী জিলাক, যাক লৈ সমগ্ৰ আৰক্ষী মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ ঠায়ে ঠায়ে অপৰাধীৰ পৰা অবৈধভাৱে ধন দাবী, অমনুসিক শাৰিৰীক অত্যাচাৰ আদিৰ অভিযোগে অসম আৰক্ষীক কলুষিত কৰি অহাৰ সময়তে এক অতি চিন্তনীয় তথা চাঞ্চলকৰ ঘটনা সংঘটিত হৈছে বজালী আৰক্ষীত৷ যাৰ বাবে আৰক্ষীৰ সততাৰ ওপৰত পুনৰ প্ৰশ্ন উঠিছে৷ চৰকাৰৰ কঠোৰ নিয়ম নীতিৰ পিছতো আৰক্ষী বিভাগৰ একাংশ উচ্চ পদস্থ বিষয়াৰ পৰা চতুৰ্থবৰ্গৰ কৰ্মচাৰীলৈ গেলিব ধৰা বিষয়টো লৈ আজি বজালীৰ লগতে সমগ্ৰ অসমতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বজালী জিলাৰ আৰক্ষী অধীক্ষকৰ আশীৰ্ব্বাদত একাংশ আৰক্ষী বিষয়াই কিদৰে সাধাৰণ ৰাইজৰ পৰা ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰি এক আতংকৰ সৃষ্টি কৰিছে সেই কথা স্পষ্ট হৈছে আজি বজালী আৰক্ষীৰ সাতগৰাকী বিষয়া- কৰ্মচাৰীক গ্ৰেপ্তাৰৰ পিছতে। ঘটনাই এনে এক পৰ্যায় পাইছে যে অসম আৰক্ষীৰ চি আই ডি বিভাগৰ দুৰ্নীতি নিবাৰক শাখাই বজালীত অভিযান চলাই বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই, উপ আৰক্ষী অধীক্ষক পুষ্কল গগৈ,পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজৌতি পাটিৰি, ভবানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবজিৎ গিৰি, সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া শশাংক দাস, বজালীৰ পূৰ্বৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দেহৰক্ষী ইনজামামুল হাচান, অধীক্ষকৰ গাড়ী চালক দীপজয় ৰয়ক আটক কৰি গুৱাহাটীলৈ লৈ যায়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে বজালী জিলাৰ ভবানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত খৰমা বজাৰৰ চুপাৰী ব্যবসায়ী ৰবিউল ইছলাম ওৰফে ৰুবেলক যোৱা ১৬ জুলাইৰ নিশা প্ৰায় দুই বজাত বজালী আৰক্ষীয়ে ঘৰৰ পৰা ধৰি লৈ আহিছিল। ৰবিউলক ধৰি আনি বজালী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ গোচৰ ৰুজু নকৰাকৈ দুদিনকৈ বজালীৰ ভিন্ন থানাত শাৰিৰীক মানসিক নিৰ্যাতন চলাই বৃহৎ পৰিমাণৰ ধন দাবী কৰা বুলি চি আই ডি ৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ আনকি সিদিনা ৰবিউলৰ গৃহৰ বন্ধ থকা প্ৰকাণ্ড গেট ওপৰেৰে পাৰ হৈ পৰিয়ালৰ আন লোককো শাৰিৰীকভাবে নিৰ্যাতন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ পৰিয়ালৰ সেই অভিযোগৰ ভিত্তিত চি আই ডিৰ দলে বিগত কেবাদিনো ধৰি গোপনে অনুসন্ধান চলাইছিল। অনুসন্ধানত বহু বিস্ফোৰক তথ্য লাভ কৰিছিল অনুসন্ধানকাৰী দলে। আজি পুৱা দলটোৱে প্ৰথমতে বজালীৰ উপ আৰক্ষী অধীক্ষক পুষ্কল গগৈক আটক কৰি তেওঁৰ পাঠশালাৰ ভাৰাঘৰত অভিযান চলোৱাৰ পাছতে পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাটিৰি , ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবজিৎ গিৰি, সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া শশাংক দাসৰ লগতে গাড়ীচালক আৰু পি এচ ও ক আটক কৰি প্ৰথমতে পাটাছাৰকুছি থানাত কিছু সময় ৰাখি চি আই ডিৰ কাৰ্যালয়লৈ লৈ যায়। আনহাতে ঘটনাত জড়িত থকাৰ অভিযোগত বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইকো ৰিজাৰ্ভ ক্লজ কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ হোৱা এই আৰক্ষী বিষয়াসকলে ৰবিউলক প্ৰায় পাচ কৌটি টকা দাবী কৰাৰ লগতে বাঘমাৰা আৰক্ষী চকীত বৃহৎ পৰিমাণৰ ধন আৰু বেংকৰ উকা চেক লোৱা বুলি অভিযোগ কৰিছে ৰবিউলৰ আত্মীয়ই৷ আনহাতে ৰবিউলক আৰক্ষীয়ে ঘৰৰ পৰা উঠাই অনাৰ পাছত ভুৱা এনকাউন্টাৰ কৰিব বুলি সন্দেহ প্ৰকাশ কৰি গাঁওৰ একাংশই উক্ত দুয়োদিনে আৰক্ষীৰ গাড়ীৰ পাছে পাছে ৰবিউলক যলৈকে লৈ গৈছিল তালৈকে ঘূৰি ফুৰাটোৱে প্ৰমাণ কৰে যে কিমান ভয় আৰু আতংকৰ বলি হবলগীয়া হৈছিল ভুক্তভোগীৰ লগতে পৰিয়ালৰ লোকে৷ এই ঘটনাৰ পাছতে সকলোৰে মনত এটাই প্ৰশ্ন হয় যে যি আৰক্ষীয়ে জনসেৱা জনহিতাৰ্থেৰ বাবে শপত লৈ ৰাইজক সেৱা কৰাৰ মানসিকাৰে আহে কিন্তু সেই আৰক্ষীয়ে যদি ভক্ষক হয় তেন্তে কি সতে আৰক্ষীক ৰাইজে বিশ্বাসত লব সেই লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে৷ আনহাতে নবগঠিত বজালী জিলাৰ ভিন্ন প্ৰান্তত চলি থকা অবৈধ ব্যৱসায়বিলাকো বজালী আৰক্ষীৰ একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়াই দাবী ধমকিৰে ব্যৱসায় চলাই আছে নেকি সেই লৈও এতিয়া চৰ্চা হৈছে ৰাইজৰ মাজত৷ উল্লেখ্য যে আগষ্ট মাহৰ প্ৰথম সপ্তাহত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বজালী আৰক্ষীৰ একাংশ আৰক্ষী বিষয়াই ধনৰ দাবী কৰাৰ অভিযোগ লাভ কৰিছিল৷ ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক তথা ভিজিলেন্স সঞ্চালকালয়ক অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে যদিও অভিযুক্ত আৰক্ষী বিষয়াসকল সাৱধান হোৱাৰ বাবে ইমান দিনে সফল হ’ব পৰা নাছিল। কিন্তু অসম আৰক্ষীৰ পুংখানুপুখ তদন্তত বজালীৰ একাংশ আৰক্ষী বিষয়াই ধন দাবী কৰা অভিযোগটোৰ সত্যসত্যতা গম পাবলৈ সক্ষম হয় আৰু ইয়াৰ ভিত্তিতে কালি অসম আৰক্ষীৰ চি আই দি বিভাগত এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হয়৷ ভাৰতীয় দণ্ডবিধি আইনৰ CID PS Case No-14/2023 u/s-120B/ 341/342/323/448/294/379/387/427/506/307ত ৰুজু কৰা অপৰাধমূলক গোচৰৰ ভিত্তিত আজি বজালী আৰক্ষীৰ মুঠ সাতগৰাকী বিষয়া-কৰ্মচাৰীক আটক কৰি বিষয়টোৰ ওপৰত অধিক তদন্তৰ বাবে আটক কৰি গুৱাহাটীৰ চি আই ডি আৰক্ষী থানালৈ লৈ যোৱা হয়৷
প্ৰেৰক কল্যাণ কলিতা