নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ মাজেৰে বৃদ্ধি পাইছে বিদেশী চিগাৰেটৰ সৰবৰাহ

  • চলিত বছৰত কেন্দ্রীয় সংস্থাই ১১ কোটি টকা মূল্যৰ অধিক জব্দ কৰিলে বিদেশী চিগাৰেট
  • মণিপুৰ–নাগালেণ্ড হৈ অসমত প্রৱেশ কৰে বিদেশী চিগাৰেট

 

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: গাঞ্জা, সোণৰ পাছতেই অসমৰ মাজেৰে বৃদ্ধি পাইছে বিদেশী চিগাৰেটৰ সৰবৰাহ৷ চলিত বছৰটোত অকল আবকাৰী শুল্ক বিভাগেই ৰাজ্যৰ ভিন্ন প্রান্তত চলোৱা অভিযানত ১১ কোটি মূল্যৰো অধিক বিদেশী চিগাৰেট জব্দ কৰিছে৷ কেন্দ্রীয় আবকাৰী শুল্প বিভাগৰ এক সূত্রই জনোৱা মতে চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা চুবুৰীয়া ৰাজ্য মণিপুৰ, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্রদেশৰ মাজেদি অসম হৈ সৰবৰাহকাৰীয়ে দেশৰ বিভিন্ন প্রান্তলৈ সৰবৰাহ কৰি আছে বিদেশী চিগাৰেট৷ ৰাজনৈতিকভাৱে নিয়ন্ত্রণহীন ম্যানমাৰৰ প্রশাসনিক দুর্বলতাৰ সুযোগ গ্রহণ কৰি কম দৰত এচাম সৰবৰাহকাৰীয়ে কোৰিয়া, চীন, লণ্ডনৰ বিভিন্ন ব্রেণ্ডৰ চিগাৰেট ক্রয় কৰি অসমৰ মাজেদি দেশৰ বিভিন্ন প্রান্তলৈ প্রেৰণ কৰি আছে৷ অকল অসমতেই আবকাৰী শুল্ক বিভাগে চলিত বছৰত জব্দ কৰা বিদেশী চিগাৰেটৰ সংখ্যা এনেধৰণৰ–

ভাৰতত বিদেশী ব্রেণ্ডৰ বহু চিগাৰেট থকাৰ পাছতো অবৈধভাৱে সৰবৰাহ কৰা বিদেশী ব্রেণ্ডৰ চিগাৰেটৰ চাহিদা কিয় বেছি? সূত্রটোৰ মতে যিকোনো বিদেশী সামগ্রী ভাৰতত আনি বিক্রী কৰিবলৈ হ’লে নির্দিষ্ট ব্যৱসায়ীজনে বহু পৰিমাণৰ আবকাৰী শুল্ক পৰিশোধ কৰিব লাগে৷ যাৰ ফলত তেওঁলোকে ভবাধৰণে লাভ অর্জন কৰিব নোৱাৰে৷ কিন্তু চোৰাংভাৱে অনা চিগাৰেটৰ বাবদ এপইচাও আবকাৰী শুল্ক পৰিশোধ কৰিব লগা নোহোৱাৰ পৰিৱর্তে এক বৃহৎ মুনাফা ব্যৱসায়ীয়ে অর্জন কৰিব সক্ষম হয়৷ দ্বিতীয়তে লণ্ডন, চীন, কোৰিয়া আদি বিদেশী ৰাষ্ট্রৰ পৰা অহা চিগাৰেট সেৱন কৰাটো এচাম লোকৰ বাবে একপ্রকাৰ আভিজাত্যৰ চিনত পৰিগণিত হৈছে৷ যাৰ বাবে এবাৰত যদি ১০ লাখ টকাৰো চিগাৰেট সুকলমে সৰবৰাহ কৰিব পাৰে, তেন্তে প্রায় দুগুণ লাভ ব্যৱসায়ীজনৰ হয়৷ সৰবৰাহকাৰীৰ এই ধৰণৰ মানসিকতাই ক’লা ব্যৱসায়ৰ সাম্রাজ্যখনক বহল কৰিছে যদিও ইয়াৰ ফলত কেন্দ্রীয় চৰকাৰে কেইবাশ কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে৷ এই সৰবৰাহ ৰোধ কৰিবলৈ কেন্দ্রীয় চোৰাংচোৱা, আবকাৰী শুল্ক আদি তদন্তকাৰী সংস্থাবোৰে আপ্রাণ চেষ্টা কৰিছে যদিও সম্পূর্ণভাৱে নিষ্ক্রিয় কৰিব পৰা নাই এই ব্যৱস্থাক৷

সূত্রটোৰ মতে ম্যানমাৰৰ সীমাত থকা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যকেইখনৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপে এই সৰবৰাহক অধিক ইন্ধন যোগাইছে৷ তদুপৰি উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অসমৰ মাজেদি উত্তৰ ভাৰত অভিমুখে যাব পৰা কেইবাটাও সুচল পথ থকা বাবে সৰবৰাহকাৰীৰ বাবে অসম একপ্রকাৰ সৰবৰাহৰ অন্যতম সুবিধাজনক পথ হিচাপে চিহ্ণিত হৈছে৷ তথাপি অসমত সুৰক্ষা ব্যৱস্থা পূর্বতকৈ উন্নত হোৱাৰ লগতে তালাচী ব্যৱস্থাও অধিক সক্রিয় হৈ পৰা বাবে এতিয়া পূর্বতকৈ কিছু পৰিমাণে কমিছে বিদেশী চিগাৰেটৰ সৰবৰাহ৷ উল্লেখ্য যে উত্তৰ ভাৰতৰ দিল্লী, কলকাতা, মুম্বাই আদিকে ধৰি দেশৰ বৃহৎ চহৰবোৰত এই চিগাৰেটবোৰৰ সর্বাধিক চাহিদা আছে৷ চোৰাং সোণ, গাঞ্জা আদি অবৈধ সামগ্রীৰ তুলনাত বিদেশী চিগাৰেটৰ মূল্য কম হোৱা বাবে তদন্তকাৰী সংস্থাৰ ওচৰত ধৰা পৰিলেও লোকচান হোৱাৰ সম্ভাৱনাও কম থাকে আৰু সেয়েহে এতিয়া অবৈধ ব্যৱসায়ৰ অন্যতম পছন্দৰ সামগ্রী হৈ পৰিছে বিদেশী চিগাৰেট৷

You might also like