নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠ মন্দিৰত পার্কিঙৰ নামত গুণ্ডাকৰ সংগ্রহ; পর্যটকৰ বাহনৰ পৰা ৫০–১০০ টকাকৈ দাবী

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: গুৱাহাটী পৌৰ নিগম, মহানগৰ জিলা প্রশাসন আৰু আৰক্ষীৰ দুর্বলতাৰ সুযোগ গ্রহণ কৰি এটা দুষ্টচক্রই পার্কিঙৰ নামত অবৈধভাৱে ধন সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এই দুষ্টচক্রটোৱে খানাপাৰা, আদাবাৰীকে ধৰি বিভিন্ন স্থানত পার্কিঙৰ নামত গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ শেহতীয়াকৈ এই চক্রটোৱে বশিষ্ঠ মন্দিৰ চৌহদত একাংশ দালালৰ সহযোগত পার্কিঙৰ নামত জোৰ–জুলুমকৈ বিভিন্ন লোকৰ পৰা ধন সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি বশিষ্ঠ থানাৰ আৰক্ষী আৰু মন্দিৰ পৰিচালনা সমিতিৰ জ্ঞাতসাৰে দুষ্টচক্রটোৱে মন্দিৰ চৌহদত দর্শনার্থীৰ গাডী পার্কিঙৰ নামত দৈনিক সংগ্রহ কৰিছে হাজাৰ হাজাৰ টকা৷বশিষ্ঠ মন্দিৰলৈ অহা দর্শনার্থীসকলৰ বাহন পার্কিঙৰ নামত এই চক্রটোৱে নিতৌ সংগ্রহ কৰিছে বৃহৎ পৰিমাণৰ ধন৷ চক্রটোৱে দুচকীয়া বাহন পার্কিঙৰ নামত এঘণ্টাত ২০ টকা, চাৰিচকীয়া বাহনৰ পৰা ৫০ টকাকৈ সংগ্রহ কৰি আহিছে৷ এঘণ্টাতকৈ বেছি সময় পার্কিং কৰিলে ডাবি–ধমকিৰে চক্রটোৱে নিয়োজিত কৰা দালালে ভক্ত দর্শনার্থীৰ পৰা ৫০ৰ পৰা ১০০ টকাপর্যন্ত সংগ্রহ কৰে৷ এই ধন আদায় নিদিলে ভক্ত দর্শনার্থীসকলৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয়৷ দুষ্টচক্রটোৱে এনেদৰে অবৈধভাৱে পার্কিঙৰ নামত ডাবি–ধমকিৰে দেশী–বিদেশী ভক্ত দর্শনার্থীৰ পৰা ধন সংগ্রহ কৰাক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ পর্যটনৰ অন্যতমস্থলী হিচাপে পৰিণত বশিষ্ঠ মন্দিৰৰ ঐতিহ্যত কালিমা সানিছে এই গুণ্ডা বাহিনীৰ দলটোৱে৷ কামৰূপ মহানগৰ জিলা প্রশাসনৰ অধীনস্থ বশিষ্ঠ মন্দিৰত পার্কিঙৰ নামত ধন সংগ্রহ কৰি অহা গুণ্ডা বাহিনীটোৰ বিৰুদ্ধে আৰক্ষী প্রশাসনে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like