বিলাসী হোটেলত প্রার্থীৰে কংগ্রেছ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক
নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ হর্ছ ট্রেডিঙৰ ভূতে সাংঘাতিক ধৰণে খেদি ফুৰিছে কংগ্রেছক৷ বিজেপিয়ে হর্ছ ট্রেডিং কৰাৰ আশংকাত কংগ্রেছৰ নিত্য নতুন নাটক অব্যাহত আছে৷ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ দল এ আই ইউ ডি এফৰ প্রার্থীসকলক যোৱা সপ্তাহত কংগ্রেছে জয়পুৰলৈ আৰু বি পি এফৰ প্রার্থীসকলক ৰায়পুৰলৈ নি বিলাসী হোটেলত ৰখাৰ ব্যৱস্থা কৰে৷
বিজেপিয়ে যাতে তেওঁলোকক হর্ছ ট্রেডিং কৰিব নোৱাৰে, তাৰ বাবে কংগ্রেছে সেই সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা বুলি ইতিমধ্যে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই প্রকাশ কৰিছে৷
অৱশ্যে এ আই ইউ ডি এফৰ প্রার্থীসকল ইতিমধ্যে কালি অসমলৈ উভতি আহিছে যদিও বি পি এফৰ প্রার্থীসকল এতিয়াও ছত্তিশগড়ৰ ৰায়পুৰতে আছে৷ শেহতীয়াকৈ কংগ্রেছে নিজ দলৰ প্রার্থীসকলকো বিজেপিৰ হর্ছ ট্রেডিঙৰ পৰা আঁতৰাই ৰখাৰ স্বার্থতে এ আই ইউ ডি এফ–বি পি এফৰ প্রার্থীসকলৰ দৰে একেলগে ৰখাৰ পদক্ষেপ গ্রহণ কৰিছে৷ দলীয় প্রার্থীসকলক লৈ নির্বাচনী পর্যালোচনা কৰাৰ ছলেৰে শনিবাৰে গুৱাহাটীৰ আজাৰাস্থিত হোটেল কিৰণশ্রী গ্রেণ্ডত আটাইকে মাতি আনি কংগ্রেছ নেতৃত্বই এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷
প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া, সাংসদ প্রদ্যুৎ বৰদলৈ, আব্দুল খালেক আদিৰ উপস্থিতিত দলীয় প্রার্থীসকলৰ সৈতে নির্বাচনী পর্যালোচনা বৈঠকখন অনুষ্ঠিত হয়৷ মন কৰিবলগীয়া এয়ে যে আজাৰাৰ বিলাসী হোটেলখনত দলীয় প্রার্থীসকলৰ সৈতে কংগ্রেছ নেতৃত্বই বৈঠকত মিলিত হোৱাৰ পূর্বে তাত তিনিখনকৈ শীত–তাপ নিয়ন্ত্রিত বাছ সাজু কৰি ৰাখে৷ পৰিকল্পনা অনুসৰি বৈঠকৰ পৰাই কংগ্রেছে দলীয় প্রার্থীসকলক সেই বাছেৰে নির্দিষ্টকৈ ৰখা হোটেললৈ লৈ যাব আৰু নির্বাচনী ফলাফল প্রকাশ হোৱালৈ তেওঁলোকক একেলগে ৰাখিব৷
কংগ্রেছৰ এক সূত্রৰ পৰা জানিব পৰা মতে, দলীয় প্রার্থীসকলক ৰাজ্যৰ বাহিৰলৈ নিয়াৰ পৰিৱর্তে অসমতে একেলগে ৰখাৰ ব্যৱস্থা কৰিছে৷ গুৱাহাটীকে ধৰি মধ্য অসম আৰু নামনি অসমৰ প্রার্থীসকলক গুৱাহাটীৰ খানাপাৰাৰ গ্রীনউড ৰিজ’টত ৰাখিব৷ সেইদৰে উজনি অসম আৰু উত্তৰ অসমৰ প্রার্থীসকলক তেজপুৰৰ হোটেল গ্রীনউডত ৰাখিব৷ তেজপুৰৰ গ্রীনউড হোটেলৰ ৪২টা কোঠা ইতিমধ্যে কংগ্রেছে বুকিং কৰিছে৷
সূত্রটোৱে জানিবলৈ দিয়া মতে, অহা ২২ এপ্রিলৰ পৰা ৩ মে’ পর্যন্ত গুৱাহাটীৰ খানাপাৰা আৰু তেজপুৰৰ বিলাসী হোটেল দুখন কংগ্রেছে বুক কৰিছে৷ কংগ্রেছৰ দলীয় প্রার্থীসকলক একেলগে ৰাখিব বিচৰাৰ কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে অহা ২২ এপ্রিলৰ পৰা মহাজোঁটৰ সকলো প্রার্থীকে কেইদিনমান একেলগে ৰখাৰ বিষয়ে আলোচনা কৰা হৈছে৷ সেই দিনকেইটাত প্রার্থীসকলে পৰিয়ালৰ লোক অথবা আপোন মানুহক লৈ অসমতে থাকিব৷ আজিৰ পর্যালোচনা বৈঠকৰ পাছতেই প্রার্থীসকলক গুৱাহাটীৰ সোণাপুৰকে ধৰি কিছু স্থানলৈ ‘ছাইড চিন’ চোৱাৰ বাবে লৈ যোৱাৰ কথা আছিল৷ কিন্তু বহুতেই নৱৰাত্রিৰ বাবে আপত্তি কৰিলে৷ সেয়ে আজি তেওঁলোকক লৈ যোৱা নহ’ল৷
সেইদৰে কংগ্রেছৰ নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ তথা সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয় যে নির্বাচনৰ সময়ত কংগ্রেছে ৫টা গেৰাণ্টীৰ বিষয়ে কৈছে৷ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ চৰকাৰ হোৱাটো যিহেতু অৱধাৰিত, সেয়ে প্রার্থীসকলক ৫ গেৰাণ্টীকে ধৰি চৰকাৰৰ কাম–কাজ সম্পর্কত কিছু অৰিয়েণ্টেচন দিয়াৰ প্রয়োজন আছে৷ মুঠতে নির্বাচনী ফলাফল প্রকাশৰ পূর্বেই হর্ছ ট্রেডিঙৰ শংকাত ভোগা কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত আৰম্ভ হৈছে হোটেলৰ ৰাজনীতি৷ তাৰ বাবে অংশীদাৰ দলৰ পাছত এইবাৰ নিজ দলৰ প্রার্থীসকলকো একেলগে আবদ্ধ কৰি ৰাখি বিজেপিৰ সংস্পর্শৰ পৰা নিলগাই ৰাখিব বিচাৰিছে৷