নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলুগুৰিত বিহু দল কঢ়িয়াই নিয়া ট্রেক্টৰ দুর্ঘটনাত নিহত ২ বিহুৱা

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ ৰঙালী বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে লখিমপুৰত সংঘটিত এক শোকাৱহ দুর্ঘটনাত প্রাণ হেৰুৱালে দুগৰাকী বিহুৱাই৷ লখিমপুৰৰ পশ্চিম প্রান্তৰ শিমলুগুৰিত শুকুৰবাৰে সংঘটিত দুর্ঘটনাটোত ফুংখা বসুমতাৰী আৰু কনকলাল নার্জাৰী নামৰ যুৱক দুজনৰ মৃত্যু হয়৷ এই ঘটনাত বিহুৱা দলটোৰ আন কেইবাগৰাকী সদস্য গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷

প্রাপ্ত তথ্য মতে, লখিমপুৰ আৰু বিশ্বনাথ জিলা সংযোগী চেঁচা নৈৰ দলঙৰ সমীপত এখন ট্রেক্টৰে নিয়ন্ত্রণ হেৰুৱাই পথৰ মাজভাগত বাগৰি পৰাত ঘটনাস্থলীতে দুজনে কৰুণ মৃত্যুক সাবটি লোৱাৰ লগতে দুজন গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ বিয়লি প্রায় ৬ বজাত বিশ্বনাথ জিলাৰ হাৱাজান আৰক্ষী চকীৰ অন্তর্গত ২নং বিক্রমপুৰ গাঁৱৰ যুৱক সংঘৰ পুৰুষ–মহিলাকে ধৰি ৪৫জনীয়া এটা বিহু দলে ট্রেক্টৰৰ ট্রেলাৰত উঠি লখিমপুৰ জিলাৰ অন্তর্গত ১নং বিক্রমপুৰত বিহু মাৰি উভতি অহাৰ সময়তে ভয়ংকৰ দুর্ঘটনাটো সংঘটিত হয়৷

দুর্ঘটনাটোত ২নং বিক্রমপুৰ যুৱ সংঘৰ সম্পাদক ফুংখা বসুমতাৰীৰ (২৫) থিতাতে মৃত্যু হোৱাৰ বিপৰীতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষার্থী কনকলাল নার্জাৰীৰ (১৬) গহপুৰৰ এখন চিকিৎসালয়ত যোৱানিশা মৃত্যু হয়৷

বাতৰি যুগুতোৱা পৰলৈকে খুনচাই ব্রহ্ম (১৬) আৰু মৌক থাং বসুমতাৰী (১৫) গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ ইয়াৰ বিপৰীতে লখিমপুৰ, গহপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ আৰু গুৱাহাটীৰ বিভিন্ন চিকিৎসালয়ত বিহু দলটোৰ প্রায় ৩৫গৰাকী পুৰুষ–মহিলা চিকিৎসাধীন হৈ আছে বুলিও গাঁওবাসীয়ে অৱগত কৰিছে৷

উল্লেখ্য যে বিহু দলটোৰ প্রায় ৪৫জনকৈ সদস্য কঢ়িয়াই নিয়া ট্রেক্টৰখন হঠাতে কেনেকৈ দলঙৰ সমীপৰ পথত বাগৰি পৰিল, সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে গাঁওখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷

You might also like