নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রট’কলৰ মাজত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সময়মতে অনুষ্ঠিত কৰিবলৈ সাজু শিক্ষা সংসদ

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ ক’ভিড প্রট’কলৰ মাজেৰে চলিত বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ৷  এই কথা স্পষ্ট কৰিলে শিক্ষা সংসদৰ সচিব ৰমেশ চন্দ্র চুতীয়াই৷ সংবাদ মাধ্যমৰ আগত সচিবজনে কয়– ১১ মে’ৰ পৰা ১৪ জুনলৈ নির্দিষ্ট দিনতেই অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ ইতিমধ্যে সংসদে ২০ এপ্রিলৰ পৰা ব্যৱহাৰিক পৰীক্ষাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷

আনহাতে, ১১ মে’ৰ পৰা হ’ব লগা পৰীক্ষাৰ বাবে এডমিট কার্ড, উত্তৰবহী আদিৰ কাম প্রায় সম্পূর্ণ হোৱাৰ পথত৷ আনহাতে, ক’ভিড সংক্রমণৰ বাবে ৰাজ্যত সৃষ্টি হোৱা পৰিৱেশৰ ক্ষেত্রত ৰাজ্য চৰকাৰে যি ক’ভিড প্রট’কল জাৰি কৰিব, সেই অনুসৰিয়েই নির্দিষ্ট সময়ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৮২০টা পৰীক্ষা কেন্দ্রত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে৷ তদুপৰি ক’ভিড প্রট’কল অনুসৰিয়েই এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে৷

এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষত অৱতীর্ণ হ’ব মুঠ ২,৪৯,৩৯৯গৰাকী শিক্ষার্থী৷ ইয়াৰে বিজ্ঞান শাখাত ৪০,৫৮৮গৰাকী, কলা শাখাত ১,৭৫,১৭৫গৰাকী, বাণিজ্য শাখাত ১,০৮,১৭৮গৰাকী আৰু ভ’কেচনেল পৰীক্ষার্থী হ’ব ৮৬৮গৰাকী৷ শিক্ষা সংসদৰ সচিবজনে প্রকাশ কৰা অনুসৰি এইবাৰ পৰীক্ষাত প্রতিগৰাকী শিক্ষার্থীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক হ’ব৷ তদুপৰি পৰীক্ষা কেন্দ্রত ছেনিটাইজাৰ, উষ্ণতা মাপক যন্ত্র আদি মজুত থাকিব৷

You might also like