বন্ধ হ’ল চৰকাৰী মাদ্ৰাছা, ৰাজ্যপালৰ স্বাক্ষৰ
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ ৰাজ্যত আনুষ্ঠানিক ভাবে বন্ধ হ’ল চৰকাৰী খণ্ডৰ মাদ্ৰাছা ।ৰাজ্যপালে ২৭ জানুৱাৰীত স্বাক্ষৰ কৰে বিধান সভাই গৃহিত কৰা বিধেয়েকত । যোৱা ৩০ জানুৱাৰীত ৰাজ্য চৰকাৰে জাৰি কৰিলে গেজেট নটিফিকেচন ।ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে ১৯৯৫ আৰু ২০১৮ চনৰ মাদ্ৰাছা শিক্ষা আইন বাতিল হয় ।
বিধেয়ক গৃহীত হোৱাৰ পিছতেই সকলো মাদ্ৰাছা সাধৰণ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত হ’ব ।যোৱা ২৮ ডিচেম্বৰত বিধান সভাত উক্ত বিধেয়ক শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিছিল ।যোৱা ৩০ ডিচেম্বৰত বিধান সভাই গৃহিত কৰিছিল বিধেয়ক খন ।
আজি টুইট যোগে এই বিষয়ে জানিব দিয়ে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
Historic & Progressive!
Glad that The Assam Repealing Act 2020 has recieved the assent of Hon Governor & has come into effect. Madrassa Edu Provincialisation Act, 1995 and Assam Madrassa Education Act, 2018 stand repealed. All govt Madrassas will run as general education inst. pic.twitter.com/0zGqNTEGTh
— Himanta Biswa Sarma (@himantabiswa) February 3, 2021