নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ জানুৱাৰীৰ পিছৰ পৰা নিৰুদ্দেশ ১১৫ কৃষকঃ কেজৰিৱালে দিলে বিতং তথ্য

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ যোৱা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ লালকিল্লাত সংঘটিত হৈছিল কিছু বেআইনী কাৰ্য। ট্ৰেক্টৰ সমদলৰ সময়ত হোৱা হিংসাজনিত কাণ্ডক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

কিন্তু ২৬ জানুৱাৰীৰ পৰা দিল্লীৰ পৰা নিৰুদ্দেশ হৈছে ১১৫ গৰাকী লোক। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি ২৬ জানুৱাৰীৰ পিছত দিল্লীৰ পৰা নিৰুদ্দেশ হোৱা কৃষকসকলৰ ঘৰৰ পৰা মুখ্যমন্ত্ৰীক তেওঁলোকৰ কোনো খা-খবৰ পোৱা নাই বুলি জনোৱাত উক্ত লোকসকলৰ তালিকা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে উক্ত কৃষকসকলৰ পৰিয়ালক জনাই যে এই লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তিহাৰ জেলত ৰখা হৈছে। এইক্ষেত্ৰত তেওঁ গ্ৰেপ্তাৰ কৰা কৃষকৰ তালিকাত উক্ত কৃষকসকলৰ নাম আছে বুলি জনায়।

উল্লেখ্য, দিল্লীত ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত ঘটনাক ষড়যন্ত্ৰমূলক বুলি আখ্যা দি সংযুক্ত কৃষক মৰ্চাই মুখ্যমন্ত্ৰীগৰাকীক তদন্ত কৰিবলৈ আহ্বান জনাইছিল আৰু গ্ৰেপ্তাৰ হোৱা কৃষকৰ মানৱ অধিকাৰ খৰ্ব নোহোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছিল।

You might also like