নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীত লাচিত দিৱসৰ সামৰণী অনুষ্ঠানত অংশগ্রহণ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

বিশেষ বৰ্তা, ২৫ নৱেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অসম চৰকাৰে কেন্দ্রীয়ভাৱে আয়োজন কৰা সপ্তদশ শতিকাৰ আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণী অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে৷ ৰাষ্ট্রীয় ৰাজধানীত এই তিনিদিনীয়া জয়ন্তী উদযাপন কার্যসূচীৰ সফল পৰিচালনাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অভিনন্দন জনাই প্রধানমন্ত্রীয়ে ভাষণত লাচিত বৰফুকনৰ সাহস, বীৰত্ব আৰু দেশপ্রেমৰ গাথা কেৱল অসমৰ সীমাতে সীমাবদ্ধ নাথাকি সমগ্র ৰাষ্ট্রৰ চুকে–কোণে বিয়পি পৰাত এই উদ্যোগে নির্ণায়ক ভূমিকা লব বুলি আশা প্রকাশ কৰে৷ প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে ভাৰতৰ ইতিহাসক পৰাজয় আৰু আত্মসমর্পণৰ ইতিহাস হিচাপে অংকন কৰাৰ বাবে কিছুমান বিশেষ পক্ষৰ পৰা সচেতনভাৱে বছৰ বছৰ ধৰি নিৰন্তৰ প্রচেষ্টা অব্যাহত আছে৷ লাচিত বৰফুকনৰ দৰে উপেক্ষিত মহানায়কসকলৰ জীৱন গাথাৰ বর্ণাঢ্য উদযাপনে ইতিহাসৰ বিকৃত বাখ্যাৰ ফলত ভাৰতীয় নাগৰিকৰ স্বাভিমানত যি আঘাত কৰিছে তাৰ সংশোধন ঘটোৱাত সফলকাম হব বুলি প্রধানমন্ত্রীয়ে দৃতাৰে কয়৷ ভাৰতীয়সকলৰ স্বাভিমান দমন কৰাটো ঔপনিৱেশিক ব্রিটিছ শাসনৰ উদ্দেশ্য আছিল আৰু ইতিহাসৰ বিকৃতি ব্রিটিছসকলৰ এই উদ্দেশ্যক ইয়াক আগববাই নিয়াৰ অন্যতম উপায় আছিল বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ইতিহাসক প্রকৃত অর্থত উপস্থাপন কৰাটো নিষ্চিত কৰিবলৈ এতিয়া সকলোৱে একত্রিত হব লাগিব৷ ৰাষ্ট্রৰ সুৰক্ষা আৰু সন্মান অক্ষুণ্ণ ৰখাৰ দিশত নিজৰ জীৱন উৎসর্গা কৰিবলৈ সকলোকে অনুপ্রাণিত কৰি অহা লাচিত বৰফুকনক তেওঁৰ যুগৰ সর্বশ্রেষ্ঠ দেশপ্রেমিক বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে লাচিতৰ মূল মন্ত্র আছিল দেশ প্রথম আৰু এই একে মূল মন্ত্রৰে নব্য ভাৰত নয়া ভাৰত পৰিচালিত হৈছে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ডঙ্ম হিমন্ত বিশ্ব শর্মাই ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ প্রতি অবিৰত আৰু নিৰন্তৰ সেৱা প্রদানৰ দিশত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অকুণ্ঠ সহায়–সহযোগিতা আগববাই অহাৰ বাবে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে প্রধানমন্ত্রীৰ উপস্থিতিয়ে ছত্রপতি শিৱাজীৰ দৰে সমগ্র দেশতে লাচিত বৰফুকনক এক সর্বজনবিদিত নামলৈ ৰূপান্তৰিত কৰাত অত্যন্ত সহায়ক হব৷ বহু সংখ্যক লোক মহান সেনাপতি গৰাকীৰ বীৰত্বপূর্ণ গাঁথাৰ সৈতে পৰিচিত হোৱাৰ পৰিপ্রেক্ষিতত অনাগত দিনত ইতিহাসৰ আলোচনাসমূহত লাচিতক তেওঁৰ উচিত স্থান প্রদান কৰা হব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে লাচিত অবিহনে কেৱল অসমৰে নহয়, সমগ্র দক্ষিণ–পূৱ এছিয়াৰ বর্তমানৰ ভূ–ৰাজনৈতিক আৰু সাংসৃক্তিক পৰিচয় আজিৰ তুলনাত অন্যৰূপ ললেহেঁতেন৷ ৰাষ্ট্রীয় ৰাজধানীত মধ্যযুগৰ এই মহান যোদ্ধাগৰাকীৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদ্যাপন বর্তমানৰ প্রজন্মৰ বুদ্ধিজীৱী আৰু ইতিহাসবিদসকলৰ দৃষ্টি আকর্ষণ কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷ বছৰজোৰা উদযাপনৰ আজিৰ এই সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রীয়ে অকুণ্ঠ সহায়–সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লাচিত বৰফুকন আছাম হিৰ হু হলটেড দ্যা মোগলছ্ নামৰ এখন গ্রন্থও আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ আদি দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱাল, উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ আৰু লোকসভাৰ সাংসদ তপন গগৈ, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্রী পীযুষ হাজৰীকাও উপস্থিত থাকে৷

You might also like