নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰ্নিং কনছাল্টৰ সমীক্ষা : বিশ্বনেতাৰ শীর্ষত প্রধানমন্ত্রী নৰেন্দ্র মোদী

বিশেষ বাৰ্তা, ২৫ নৱেম্বৰঃ বিশ্ব নেতা হিচাপে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তা আৰু ব্যক্তিত্ব অটুট আছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ মর্ণিং কনছাল্ট পলিটিকেল ইণ্টেলিজেন্স ৰূপৰ সমীক্ষাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৭৭ শতাংশৰে বিশ্ব নেতাৰ তালিকাত শীর্ষ স্থান লাভ কৰিছে৷ যোৱা আগষ্ট মাহৰ তুলনাত প্রধানমন্ত্রী মোদীৰ ৰেটিং সামান্য হ্রাস পাইছে৷ আগষ্টত বিশ্বৰ শীর্ষ নেতাৰ তালিকাত প্রধানমন্ত্রী মোদীয়ে ৭৫ শতাংশ ৰেটিং পাইছিল৷ মর্ণিং কনছাল্টৰ শেহতীয়াকৈ প্রকাশ কৰা বিশ্ব নেতাৰ তালিকাত প্রধানমন্ত্রী মোদীয়ে ৭৭ শতাংশ ৰেটিং লাভ কৰি শীর্ষস্থানত আছে৷ আনপিনে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এন্থনী আলবানিজে ৫৬ শতাংশৰে দ্বিতীয় স্থানত আৰু ৪১ শতাংশৰে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেন দ্বিতীয় স্থানত আছে৷ মর্ণিং কনছাল্টে চলোৱা সমীক্ষাত তালিকাত স্থান লাভ কৰাৰ ভিতৰত চতুর্থ স্থানত ৩৮ শতাংশৰে কানাডাৰ ৰাষ্ট্রপতি জাষ্টিন ট্রুডো, ৩৬ শতাংশৰে পঞ্চম স্থান গ্রেট ব্রিটেইনৰ ঋষি সুনাক৷ উল্লেখ্য যে ২০২২ বর্ষৰ জানুৱাৰী আৰু ২০২১ বর্ষৰ নৱেম্বৰ মাহতো মর্ণিং কনছাল্টৰ সমীক্ষাত প্রধানমন্ত্রী মোদীয়ে বিশ্বৰ জনপ্রিয় নেতাৰ শীর্ষস্থানত আছিল৷ মর্ণিং কনছাল্টে ৰাজনৈতিক নির্বাচনকে ধৰি বিভিন্ন বিষয়ক লৈ সমীক্ষা চলায়৷ বিশ্বজুৰি প্রতিদিনে ২০ হাজাৰতকৈ অধিক সাক্ষাৎকাৰ গ্রহণ কৰা হয় আৰু ইয়াৰ ভিত্তিতে জনপ্রিয় বিশ্ব নেতাজন স্বীকৃত হয়৷

You might also like