নগাঁও ছোৱালী মহাবিদ্যালয়ৰ যুৱ মহোৎসৱৰ সামৰণি
বিশেষ বাৰ্তা, ১৪ জুনঃ মধ্য অসমৰ অগ্ৰণী নাৰী শিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান নগাঁও ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা যুৱ মহোৎসৱৰ কালি সন্ধ্যা সামৰণি পৰে। ৮ জুনৰ পৰা কালি সন্ধ্যালৈকে অনুষ্ঠিত যুৱ মহোৎসৱৰ উপলক্ষে মহাবিদ্যালয়খনত এক উৎসৱ মূখৰ পৰিবেশৰ সৃষ্টি হয়। বিভিন্ন কাৰ্যসূচীৰ লগতে ১২ জুনত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা,ছাত্ৰী সকলে নগাঁও চহৰত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। যুৱ মহোৎসৱৰ কালি অন্তিম দিনা বিয়লি মুকলি সভা আৰু বটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড: তোষেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰনী ভাষন প্ৰদান কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড: বলীন কুমাৰ ভূঞাই মহাবিদ্যালয়খনৰ ইতিহাস ডাঙি ধৰি বৰ্তমান মহাবিদ্যালয়খনে শৈক্ষিক দিশত লোৱা পদক্ষেপ সমূহৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উল্লেখ কৰে যে নাৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত নগাঁৱৰ ভূমিকা উল্লেখনীয়। তেওঁ ছাত্ৰী সকলক অধ্যয়নৰ সামন্তৰাল ভাবে আন ক্ষেত্ৰ সমূহতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ আহবান জনাই। বিধায়ক গৰাকীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ শিক্ষাৰ ক্ষেত্ৰখনৰ উত্তৰনৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। বিধায়ক শৰ্মাই ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে । অনুষ্ঠানত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই অংশ গ্ৰহণ কৰি ছাত্ৰী সকলক ভবিষ্যতে সঠিক দিশত আগবাঢ়ি যোৱাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াই। নগাঁও আৰক্ষীয়ে আজি কিছু দিনৰ পৰা নগাঁৱক অপৰাধ মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহন কৰা পদক্ষেপক উৎসাহ জনাবলৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা এখন প্ৰসংশা পত্ৰ আৰক্ষী অধীক্ষক গৰাকীক প্ৰদান কৰে। অনুষ্ঠানতে যুৱ মহোৎসৱ উপলক্ষে অনুষ্ঠিত বিভিন্ন বিভাগৰ পুৰষ্কাৰ সমূহ প্ৰদান কৰা হয়। লগতে বাৰ্ষিক মেধা বটা, মুক্তাৰাম গায়ন, কুন্তলা হাজৰিকা, মেঘনাথ পাল ৰেখা দাস গুপ্তা, ভানু পদ্মাপতি, বিভা গোস্বামী, পুলিন চন্দ্ৰ পাটৰ সোৱৰণি বটা আদি প্ৰদান কৰা হয়। অনুষ্ঠানৰ আত ধৰে মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদিকা শিবাঙ্গী কাশ্যপে । বিভিন্ন বটা প্ৰদান অনুষ্ঠান পৰিচালনা কৰে শংকৰ জ্যোতি বৰা , ড: বিপুল মালাকাৰ আৰু ড: অমিয়া পাটৰে। সন্ধ্যা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপিকা ড: মীৰা বৰুৱাই। সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰী সকলে গীত মাত পৰিবেশন কৰাৰ লগতে অতিথি শিল্পী আকাশ প্ৰীতমে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। সাংস্কৃতিক অনুষ্ঠানৰ পিছতে যুৱ মহোৎসৱৰ সামৰণি পৰে।
প্ৰেৰক কনক হাজৰিকা