নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰ ভকতগাঁৱৰ শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত চুৰি

নিয়মীয়া বাৰ্তা, ১৪ জুন :: শোণিতপুৰৰ চাৰিদুৱাৰ ভকতগাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত সংঘটিত হৈছে চুৰিকাণ্ড । আজি নিশা চোৰে চুৰ কৰি নিয়ে সত্ৰখনৰ বহু মূল্যৱান সামগ্ৰী । পুৱা নামঘৰীয়াই চাকি জ্বলাবলৈ আহি সামগ্ৰীসমূহ অন্তৰ্ধান হোৱাৰ কথা গম পোৱাত ৰাইজক অৱগত কৰে । চোৰে অতি কৌশলেৰে ডবা বজোৱা বাৰীডাল ব্যৱহাৰ কৰি মণিকূটৰ গ্ৰীল নোখোলাকৈ হাকুটিয়াই সত্ৰৰ চাকি জ্বলোৱা ৩ টাকৈ গছা, সৰু-বৰ টিলিঙা ৫ টা, দবা ঢাকি ৰখা ৰঙা কাপোৰ ইত্যাদি সামগ্ৰীসমূহ চুৰি কৰি নিছে । ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়া হৈছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম বৰা

You might also like