নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবৰ্ষৰ পহিলা দিনত গুৱাহাটী উন্নয়নৰ ৰূপৰেখা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

🟢২০ বছৰ আগতে কোনেও চিন্তা নকৰা কাম আমি কৰিব খুজিছো

🟢এয়াৰপৰ্টৰ পৰা নতুন টাৰ্মিনেলৰে ধাৰাপুৰলৈ ছয়লেনযুক্ত পথ

🟢গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ দুৱাৰডলি হিচাপে গঢ়ি তোলাৰ লক্ষ্য

🟢দিছপুৰৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদ মেল

বাৰ্তা ডিজিটেল ডেস্ক, ১ জানুৱাৰীঃ নতুন বছৰৰ আৰম্ভণিৰ দিনটোত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক মেল এখন সম্বোধন কৰে। দিছপুৰস্থিত লোক সেৱা ভৱনত এই সংবাদ মেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদ মেল ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক কথাৰ ৰূপৰেখা দাঙি ধৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ কয় ২০ বছৰ আগতে কোনেও চিন্তা নকৰা কাম আমি কৰিব খুজিছো৷ সেই অনুসৰি বামুণীমৈদামৰ পৰা উৰণ সেতুৰ কাম আৰম্ভ হ’ব৷ আৰু সেই সেতু চানমাৰি উৰণ সেতুত লগ লাগিব৷ চানমাৰি ফ্লাইঅভাৰখন ৰ’টাৰীলৈ পৰ্যৱসিত কৰা হ’ব৷ লক্ষ্মীনাথ বেজবৰুৱা চ’কৰ ওপৰত আন এটা ৰ’টাৰী নিৰ্মাণ হ’ব৷ এই ৰ’টাৰীৰ ওপৰেদিয়েই ৰিজাৰ্ভ বেংকলৈকে যাব পাৰিব৷ এই স্থানত দুখলপীয়া ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ’ব। এই সেতুৰ ফলত সমগ্ৰ গুৱাহাটীৰ ট্ৰেফিক সমস্যা লাঘৱ কৰিব৷ সেতুখন নিৰ্মাণৰ সময়ত কিছুদিন জনসাধাৰণৰ কষ্ট হ’ব৷ যদিও ভৱিষ্যতে আমাক সকাহ দিব। ফ্লাই অভাৰৰ তলত যথেষ্ট পাৰ্কিঙৰ সুবিধা হ’ব৷ দলঙৰ তলেৰে দুখন গাড়ী পাৰ হ’ব পৰাৰ সুবিধা থাকিব৷ এই সেতুখন আঢ়ৈ বছৰৰ ভিতৰত উদ্বোধনৰ লক্ষ্য হাতত লোৱা হৈছে। যান-জঁট সমস্যা লাঘৱৰ বাবে বিকল্প পথৰ সন্ধান কৰা হৈছে। ইফালে ২৮ ফেব্ৰুৱাৰীত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কিছু অংশ মোকলাই দিয়া হ’ব৷ ইয়াৰ ফলত এয়াৰপৰ্টৰ পৰা অহা যাত্ৰীসকল নদীৰ মাজেৰে আহিব পাৰিব৷ আনহাতে ফেব্ৰুৱাৰী মাহৰ পৰা চাইকেল ফেক্টৰীৰ পৰা আৰ্যনগৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ নতুন উৰণ সেতুৰ কামো আৰম্ভ হ’ব৷ লগতে ১৯-২০ তাৰিখে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পাৰ্ক মুকলি কৰা হ’ব৷ আনহাতে নিৰ্মীয়মাণ চিজেএম কৰ্টৰ কাম ছমাহৰ ভিতৰত অন্ত পৰিব৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে আজিৰ পৰা নতুন ১৩ হাজাৰ পানীযোগানৰ কাম আৰম্ভ হ’ব৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ দাবী- গুৱাহাটী মহানগৰীক দক্ষিণ পূব এছিয়াৰ দুৱাৰডলি হিচাপে গঢ়ি তোলা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰথমবাৰৰ বাবে গুৱাহাটীত গছ নাকাটি ট্ৰানছপ্লান্ট কৰা হ’ব৷ লগতে তেওঁ কয়, এয়াৰপৰ্টৰ পৰা নতুন টাৰ্মিনেলৰে ধাৰাপুৰলৈ ছয়লেনযুক্ত পথ নিৰ্মাণ কাম আৰম্ভ হ’ব৷ মালিগাঁও ফ্লাইঅভাৰেৰে কামাখ্যা মন্দিৰলৈ যাব পৰা কাম আৰম্ভ হ’ব৷ কামাখ্যা ক’ৰিডৰৰ টেণ্ডাৰিঙৰ কাম আৰম্ভ হ’ব৷ কামাখ্যালৈ ৰ’প ৱে’ৰ কামো সোনকালেই আৰম্ভ হ’ব৷ এইদৰেই গুৱাহাটীক কেন্দ্ৰ কৰি চৰকাৰৰ পৰিকল্পনাৰ কথা নৱবৰ্ষৰ প্ৰথম দিনটোতেই অৱগত কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

You might also like