নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰলৈ গৌৰৱ কঢ়িয়ালে ভাগ্যশ্ৰী কলিতাই

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰী : লখিমপুৰৰ এক অখ্যাত গাঁৱৰ পৰা গৈ গুৱাহাটীত ২৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰ ২০২৩লৈ অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতা গ্ৰেণ্ড আচাম প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ পথালিপাহাৰৰ সমীপৰ হমৰা গাঁও নিৱাসী অৰবিন্দ কলিতা আৰু আইমণি কলিতাৰ জীয়ৰী ভাগ্যশ্ৰী কলিতাই অংশগ্ৰহণ কৰি সমগ্ৰ অসমৰ ভিতৰতে বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈ সমগ্ৰ জিলাখনৰ লগতে অঞ্চলটিলৈ গৌৰব কঢ়িয়াই অনিবলৈ সক্ষম হয় ৷ লখিমপুৰ জিলাৰ সুসন্তান ভাগ্যশ্ৰীয়ে জানিবলৈ দিয়ে যে ২০২১ চনত ৰক্তিম কুমাৰ দাসৰ তত্বাবধানত এই বিষয়ে প্ৰশিক্ষণ তথা চৰ্চা কৰিবলৈ আৰম্ভ কৰি প্ৰথম শ্ব’টোৰ বাবে মৃনালি দাসৰ পৰিকল্পনাৰে আয়োজন কৰা শ্ব’ত তেওঁ অংশগ্ৰহণ কৰে লগতে উল্লেখ কৰে যে লখিমপুৰ নগৰৰ পুৰন্দৰ স্বৰ্গীয়াৰীয়ে তেওঁক লখিমপুৰত এটা শ্ব’কৰিবলৈ যাওঁতে লগ পায় এই বিষয়ে আগবাঢ়ি যোৱাৰ বাবে সুপৰিকল্পনাৰে তেওঁক এই ক্ষেত্ৰত পৰামৰ্শদাতা প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আগবঢ়াই নিয়ে ৷ সেই অনুসৰি সদৌ অসম সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে যোৱা ২০২৩ চনৰ আগষ্ট মাহৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পৰম্পৰাগত সাজ-পাৰ শিতানত লখিমপুৰ জিলাৰ প্ৰতিনিধিত্ব কৰি পুৰন্দৰ স্বৰ্গীয়াৰীয়ে তৈয়াৰ কৰা সাজ পিন্ধি অসমৰ ভিতৰতে শ্ৰেষ্ঠ কষ্টিউমৰ শ্ৰেষ্ঠত্ব লাভ কৰিবলৈ সক্ষম হয় ৷ অসমৰ প্ৰায় সমগ্ৰ ১০০ গৰাকী প্ৰতিযোগীৰ ভিতৰত শ্ৰেষ্ঠ হবলৈ সক্ষম হয় ৷ অন্যহাতেদি গ্লেমাৰাচ অৱ আছাম শিতানত শ্ৰেষ্ঠ গ্লেমাৰ হিচাবেও অভিহিত হবলৈ সক্ষম হোৱাত সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ বৰ্তমান তেওঁ আগন্তুক গ্ৰেণ্ড নৰ্থ ইষ্ট সন্দৰ্য্য প্ৰতিয়োগিতাৰ প্ৰস্তুতিত ব্যস্ত বুলি জানাইছে।

প্ৰেৰক মুকুল ভূঞা

You might also like